নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁৱৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্রী কেশৱ মহন্তৰ

নিয়মীয়া বাৰ্তা, ২৬ জুলাই : কামৰূপ জিলাৰ ছয়গাঁৱৰ মাজ মজিয়াৰে বৈ যোৱা কলহী নৈত বছৰ বছৰ ধৰি গৰাখহনীয়া অব্যাহত আছে ৷ আজি কলহী নৈৰ গৰাখহনীয়া পৰিদৰ্শন কৰাৰ বাবে ছয়গাঁৱত উপস্থিত হয় জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত ৷ মন্ত্ৰী গৰাকীয়ে ছয়গাঁৱৰ মাজমজিয়াৰ শিংখাটলৈ যোৱা পথটোৰ দুঠাইত গৰাখহনীয়া প্ৰত্যক্ষ কৰে ৷

আনহাতে নৈখনৰ শিংখাট,বালাপাৰা,বাতাপাৰা আদি অঞ্চলৰ গৰাখহনীয়াও তেওঁ ভূটভূটি নাৱেৰে গৈ পৰিদৰ্শন কৰে ৷ মন্ত্ৰী গৰাকীয়ে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ছয়গাঁৱৰ কেইবাটাও কামৰ প্ৰাককলন প্ৰস্তুতৰ কাম আৰম্ভ হোৱা বুলি কয় ৷ আনহাতে যোৱাবছৰ এক আগষ্টৰ দিনা মন্ত্ৰী গৰাকীয়ে ছয়গাঁৱৰ কলহী নৈৰ গৰাখহনীয়া পৰিদৰ্শন কৰি গৰাখহনীয়া প্ৰতিৰোধৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজি এবছৰে তেওঁ দিয়া প্ৰতিশ্ৰুতি পূৰণ নহ’ল ৷ মন্ত্ৰী গৰাকীৰ যোৱাবছৰৰ কথা সাংবাদিকে সোধাৰ সময়ত মন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ কথাৰ উত্তৰ দিব নৌপাওঁতেই দৃষ্টিকুটভাৱে খাদী ব’ৰ্ডৰ অধ্যক্ষ কমলা কলিতাইহে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়ে ৷

কমলা কলিতাই ইতিমধ্যে দুটামান কামৰ টেণ্ডাৰ হোৱা বুলি প্ৰকাশ কৰে যদিও ছয়গাঁও গড়কাপ্তানি পৰিদৰ্শন বাংলা এলেকাত চলি থকা তীব্ৰ গৰাখহনীয়াৰ বিহদিয়া আৰু পটৰীখাটত চলি থকা গৰাখহনীয়া প্ৰতিৰোধ আঁচনি সম্পৰ্কত কোনো কথাই নক’লে ৷

উল্লেখযোগ্য যে ছয়গাঁও গড়কাপ্তানি পৰিদৰ্শন বাংলো এলেকাৰ লগতে বিহদিয়া আৰু পটৰীখাটত কলহী নৈৰ তীব্ৰ গৰাখহনীয়া চলি আছে। যোৱা বছৰ মন্ত্ৰী গৰাকীয়ে উক্ত ঠাই সমূহ পৰিদৰ্শন কৰি খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও আজি উক্ত ঠাই সমূহৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰীভাৱে কিবা ব্যৱস্থা লৈছেনে নে নাই সেয়া মন্ত্ৰী গৰাকীৰ ভাষ্যৰ লগতে কমলা কলিতাৰ ভাষ্যতো স্পষ্ট নহ’ল ৷

You might also like