নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইৰ নদীদ্বীপ কবুচাপৰিত পশু চিকিৎসা শিবিৰ; চাৰিশতাধিৰো অধিক পশুধনৰ স্বাস্থ্যৰ পৰীক্ষা

নিয়মীয়া বাৰ্তা, ২৬ জুলাইঃ ডেৰ মাহে বানত জলবন্ধী হৈ থকা জোনাই মহকুমাত পশুধনৰ খাদ্য আৰু চিকিৎসা অভাৱত অচিন ৰোগত জোনাইৰ , কবু চাপৰি, মুনমুনি চাপৰি, বৃহত্তৰ বেৰাচাপৰি, কুটুম গাৱকে ধৰি নৈপৰীয়া বিভিন্ন প্ৰান্তৰ বহু পৰিয়ালৰ শতাধিকৰো অধিক পশুধনৰ মৃত্যুত হাঁহাকাৰ অৱস্থা কৃষক ৰাইজৰ।

মহকুটোত খেতিয়ক ৰাইজৰ পহুধনৰ মাজত খাদ্যৰ অভাৱ আৰু বিভিন্ন ৰোগৰ প্ৰাদূৰ্ভাৱ ঘটি শ শ পশুধনৰ মৃত্যু মূখত পৰিছে | শনিবাৰে জোনাই মহকুমাৰ নদীদ্বীপ কবুচাপৰিলৈ চিয়াং লালী নদীৰ ওপৰত ইঞ্জিন চালিত নাওঁৰে বিপদসংকুল যাত্ৰাৰে কেমি-জেলম পশু চিকিৎসা বিষয়া ডাঃ প্ৰকাশ প্ৰাণ বৰা আৰু জি এফ এ হিতেশ কুলিৰ নেতৃত্বত এটা পশু চিকিসকৰ দলে পশুধনৰ চিকিৎসাৰ বাবে যাত্ৰা কৰে ৷ পশু চিকিৎসকৰ দলটোৱে , ১ নং, ২ নং, ৩ নং আৰু ৪ নং ৱাৰ্ডত পশু চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি দৰিয়া চাপৰি, চিয়া চাপৰি, কবুচাপৰিৰ অঞ্চলৰ প্ৰায় ৪২২ টা পশুধনৰ স্বাস্থ্যৰ পৰীক্ষা আৰু ঔষধ যোগান ধৰা হয়৷ জোনাই মহকুমাত বানত জলবন্ধী হৈ খাদ্যৰ অভাৱ আৰু বিভিন্ন ৰোগত আক্ৰান্ত হৈ শ শ গৰু মৃত্যু সময়ত নদীদ্বীপ কবুচাপৰিত অঞ্চলত পশু চিকিৎসা শিৱিৰ অনুষ্ঠিত কৰি চিকিৎসা সেৱা আগবঢ়োৱাত কিছু সকাহ পাইছে বানাক্ৰান্ত কবুচাপৰি কৃষক ৰাইজে৷ কিন্তু জোনাই মহকুমাত আজি ডেৰ মাহে বানত তচনচ হোৱা বহু বানপীড়িত অঞ্চল সমূহত এতিয়াও পশুধনসমূহে খাদ্য আৰু চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ আছে৷

বানাক্ৰান্ত কৃষক ৰাইজৰ জোনাই মহকুমা প্ৰশাসন কাতৰ আহ্বান উচিত পশুখাদ্য আৰু চিকিৎসা প্ৰদান কৰি পশুধন সমূহ বচাবলৈ৷

You might also like