নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইৰ বান শিবিৰত থকা বানাক্ৰান্তক টিএমপিকে, এমএমকে,টিএমএমকেৰ আহাৰ যোগান

নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ জোনাই বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বান শিবিৰত থকা বানাক্ৰান্তক আজি টিএমপিকে, এমএমকে আৰু টিএমএমকেৰ জোনাই জিলা সমিতিয়ে এসাজ ভাতৰ যোগান ধৰে। চিয়াং-লালী নদীৰ বানৰ কৱলত পৰা বেৰাচাপৰি অঞ্চলৰ বানাক্ৰান্ত পৰিয়াল সমূহে এমাহৰো অধিক দিন ধৰি জোনাই বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বান শিবিৰত আশ্ৰয় লৈ আছে ।

বান শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা এশৰো অধিক বানাক্ৰান্ত লোকক আজি টিএমপিকে, এমএমকে আৰু টিএমএমকেৰ জোনাই জিলা সমিতিয়ে মাছ, মাংসৰ সৈতে এসাজ ভাতৰ যোগান ধৰে। জোনাই জিলা টিএমএমকেৰ সভাপতি কান্দা টায়েং,সম্পাদক বিধান মিলি, প্ৰচাৰ সম্পাদক নিত্যা পেগু, জোনাই জিলা এমএমকেৰ সভাপতি মুক্তিনাথ পেগু, সম্পাদক দীন পেগু, জোনাই জিলা টিএমএমকেৰ সভানেত্ৰী মলয়া বড়ি আৰু সম্পাদিকা কুমাৰী পেগুৰ উপস্থিতিত বান শিবিৰত আশ্ৰয় লৈ থকা বানাক্ৰান্ত লোকক আহাৰ যোগান ধৰা কাৰ্যসূচী
ৰূপায়ণত সহযোগত আগবঢ়াই মিচিং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাং,সাধাৰণ সদস্য পদুম ৰাই, জোনাই গাওঁ পঞ্চায়তৰ কাউঞ্চিলৰ কমলা শৰ্মাই। আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকা পৰিয়ালে এনে কাৰ্য্যক শলাগ লৈছে উদ্যোক্তা সকলক ।

You might also like