নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত জাপানীজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱ, ১০জন আক্রান্ত, এজনৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ ক’ৰোনা ভাইৰাছে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ মাজতে নগাওঁ জিলাত ক্ৰমশঃ জাপানীজ এনকেফেলাইটিজ ৰোগত আক্ৰান্তৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে। বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো জিলাখনত জাপানীজ এনকেফেলাইটিজ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। এইবাৰো জিলাখনত জুন মাহৰ পৰা বৰ্তমানলৈকে শিশু সহ ১০ জন লোক এই ৰোগত আক্রান্ত হৈছে। নগাওঁ জিলা মেলেৰিয়া বিভাগে জনোৱা মতে আক্রান্ত হোৱা সকলৰ ভিতৰত ইতিমধ্যে ৬ জন সুস্থ হৈ উঠিছে। তিনিজন বৰ্তমানো চিকিৎসাধীন হৈ আছে। চিকিৎসাধীন হৈ থকা লোক তিনিজন হল কচুৱা আদৰ্শ চিকিৎসালয়ৰ অন্তৰ্গত পমিলা জাৰণিৰ শ্বাহাৰুল আলম (৪), কঠিয়াতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত উৰিয়া গ্ৰাণ্ট টুবুকিৰ চেলিমা খাতুন (২৮), আৰু চিমনাবস্তি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত নামগাঁৱৰ প্ৰাঞ্জল বৰা (২৫)। আনহাতে জিলা মেলেৰিয়া বিভাগে জনোৱা মতে জিলাখনৰ বাৰপুজীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত পূৱ শালমৰাৰ সৰুমাই ডেকাৰ (৭০) জাপানীজ এনকেফেলাইটিজত আক্রান্ত হৈ ইতিমধ্যে মৃত্যু হৈছে। জিলা মেলেৰিয়া বিভাগে জনোৱা মতে জাপানীজ এনকেফেলাইটিজত মৃত্যু হোৱা সৰুমাই ডেকা আন কেইবাটাও ৰোগত আক্রান্ত হৈ আছিল। ক’ৰ’নাৰ সংক্ৰমণৰ মাজতেই নগাঁৱত জাপানীজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হোৱাত নগাঁৱৰ ৰাইজ চিন্তিত হৈ পৰিছে। ইপিনে জিলা মেলেৰিয়া বিভাগে এই ৰোগ প্ৰতিৰোধ কৰিবৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।

You might also like