নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতাক ‘সংবাদ প্রহৰী’ বঁটা প্রদান

নিয়মীয়া বার্তা, ৩ মার্চঃ বঁটা-বাহনৰ উদ্দেশ্যে কাম কৰিলে সমাজৰ ক্ষতি হয় । কিন্তু বঁটা বাহনে উৎসাহিত কৰে ।– ৰাজ্যৰ অগ্ৰণী সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী, অসমৰ পঞ্চম বৰ্ষপূৰ্তি অনুষ্ঠানৰ মুকলি সভাত সংবাদ প্ৰহৰী বঁটা ২০২০ গ্ৰহণ কৰি এই মন্তব্য কৰে নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতাই৷

জ্যেষ্ঠ সাংবাদিক কলিতাই বঁটা গ্রহণ কৰি আৰু কয়– অকল পাঠ্যপুঠিৰ শিক্ষাৰ দ্বাৰা অসমীয়া ভাষা, অসমীয়া সাহিত্য–সংস্কৃতি ৰক্ষা নপৰে৷ গ্রন্থ অধ্যয়ন কাকত–আলোচনী অধ্যয়নৰ আমি এক অভ্যাস গঢ়ি তুলিব লাগিব৷ তেতিয়াহে এটা সুস্থ–সবল জাতি গঢ়ি উঠিব৷ বিৰিণা গোষ্ঠীয়ে পঢ়ুৱৈৰ সৃষ্টি, জাতিৰ মহীৰূহক স্মৰণ, সাহিত্য সৃষ্টিৰ ক্ষেত্রত যি পদক্ষেপ লৈছে সেয়া নিঃসন্দেহে প্রশংসনীয়৷

উল্লেখ্য যে বিৰিণা গোষ্ঠীৰ পঞ্চম বর্ষপূর্তি অনুষ্ঠান কালি নলবাৰী জিলাৰ দৌলাশালত দিনজোৰা কার্যসূচীৰে অনুষ্ঠিত হয়৷ বিগত বছৰবোৰৰ দৰে এইবেলিও গোষ্ঠীটোৱে বিৰিণা সাহিত্য বঁটা আৰু বিৰিণা সংবাদ প্রহৰী বঁটা প্রদান কৰে৷ আনহাতে গোষ্ঠীটোৰ ‘বিৰিণা সাহিত্য বঁটা–২০২০’ প্রদান কৰা হয় বিশিষ্ট সাহিত্যিক, অৱসৰপ্রাপ্ত প্রশাসনিক বিষয়া থানেশ্বৰ মালাকাৰক৷ সাহিত্য বঁটা গ্রহণ কৰি তেওঁ কয়–বিৰিণা গোষ্ঠী আমাৰ কাৰণে ষ্ট্রীট লাইট৷ ৰাজ্যৰ ভিন্ন প্রান্তত গোষ্ঠীটোৱে সাহিত্য চর্চাৰ জৰিয়তে এক সমন্বয় গঢ়ি তুলিবলৈ সক্ষম হৈছে৷ অনুবাদ সাহিত্য সৃষ্টিৰ কামো হাতত ল’বলৈ গোষ্ঠীটোক তেওঁ আহ্বান জনায়৷ ভাষণ প্রসংগত পুনৰ কয় যে বঁটা প্রদানে মানুহক অনুপ্রাণিত কৰে, দায়িত্ব বঢ়ায়৷ লেখক একমাত্র শিল্পী– যিয়ে আনৰ অনুগ্রহ নোহোৱাকৈ একমাত্র কলমেৰেই পাব পাৰে স্বীকৃতি৷

উল্লেখ্য যে প্রতিবছৰে বর্ষপূর্তি অনুষ্ঠানত বিৰিণা সাহিত্য বঁটা আৰু বিৰিণা সংবাদ প্রহৰী বঁটা গোষ্ঠীটোৱে প্রদান কৰি আহিছে৷ প্রতিটো বঁটাত আছে নগদ ধনৰ লগতে বিৰিণাৰ নামাংকিত এখন গামোচা, চেলেং চাদৰ, অভিনন্দন পত্রসহ এটা ফাইল, বিৰিণাৰ দ্বাৰা প্রকাশিত কিতাপৰ টোপোলা, এখনকৈ ‘হেমকোষ’, গঁডৰ প্রতীকযুক্ত এখন পিতলৰ ফলক, এটি স্মাৰক, জাপি, আৰু এখন মানপত্র৷

You might also like