নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুৰণিগুদামত ক‘ভিড-১৯ৰ দ্ৰুত সংক্ৰমণ; চেনিটাইজ কৰিবলৈকো অপাৰগ স্থানীয় প্ৰশাসন

নিয়মীয়া বাৰ্তা, ৫ আগষ্ট: নগাঁও জিলাৰ বৃহত্তৰ পুৰণিগুদামৰ বিভিন্ন অঞ্চলত সম্প্ৰতি ক‘ভিড-১৯ৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পাইছে ৷ ঐতিহ্যমণ্ডিত অঞ্চলটোৰ ব্যাৱসায়ীক প্ৰাণ কেন্দ্ৰ হিচাপে পৰিচিত পুৰণিগুদাম কেঞাপট্টিত ইতিমধ্যে ৭ জনকৈ লোকৰ দেহত ক‘ভিড-১৯ পজিটিভ ধৰা পৰিছে ৷

জানিব পৰা মতে, পুৰণিগুদাম ৰাজ্যিক চিকিৎসালয়ৰ সমীপতে থকা মৃদুল চন্দ্ৰ বৰাৰ বাসগৃহত ভাড়াতীয়া হিচাপে থকা শিশু সহ মুঠ পাঁচগৰাকীকৈ লোক ক্ৰমে, অনামিকা বৰা(৩৪) ,পম্পী দাস(৩৫),লক্ষ্য ডেকা(৩৫),ঋতুপৰ্ণা ডেকা(২৪),
নিহাৰিকা গোঁহাই(৭)ৰ দেহত যোৱা কালি পজিটিভ ধৰা লগে লগে সমগ্ৰ অঞ্চলটোত গণ সংক্ৰমনৰ আশংকাই বিৰাজ কৰিছে ৷ আনহাতে পুৰণিগুদাম বৰুৱাচুকস্থিত বন্ধন বেঙ্কত কৰ্মৰত মেনাজাৰ সহ দুজনকৈ ক্ৰমে কাঢ়িবাৰি মিকিৰভাটাৰ নিবাসী বিকাশ পাটৰ (২৩) আৰু চাপৰমুখৰ নিবাসী প্ৰদীপ গগৈ (৩০) ক‘ভিড-১৯ ত আক্ৰান্ত হৈছে ৷

আনহাতে পুৰণিগুদাম বৰুৱাচুক গাঁৱৰ নিবাসী ভাষ্কৰ্য্য শিল্পী পাৰ্থ প্ৰতিম বৰুৱাই যোৱা ৩ জুলাইত স্বইচ্ছাৰে স্বাৱ টেষ্ট কৰোৱাত পজিটিভ ধৰা পৰাৰ পাছতে যোৱা কালি বৰুৱাৰ ভাতৃ লক্ষীনন্দন বৰুৱাৰ দেহতো পজিটিভ ধৰা পৰে ৷ ইতিমধ্যে পুৰণিগুদামৰ পৰা যোৱা কালি বন্ধন বেংকৰ কৰ্মচাৰী ক্ৰমে,বিকাশ পাটৰ, প্ৰদীপ গগৈ আৰু লক্ষ্য ডেকাৰ লগতে ডেকাৰ পত্নী ঋতুপৰ্ণা ডেকাক ডেৰ বছৰীয়া পুত্ৰ সহ ঢিঙত থকা ক‘ভিড কেয়াৰ চেন্টাৰলৈ নিয়া হয় যদিও পৰ্য্যাপ্ত স্থান আৰু সুবিধাৰ অভাৱত তিনি গৰাকীকৈ ক‘ভিড পজিটিভ ভাৰাতীয়া লোকক মৃদুল চন্দ্ৰ বৰাৰ বাসগৃহতে কোৱাৰেন্টাইন জ‘ন কৰি ৰখা হয় ৷ উল্লেখ্য যে পুৰণিগুদামৰ মিকিৰহাট, বৰুৱাচুক, কেঞাপতিকে ধৰি বিভিন্ন ঠাইত এজনৰ পাছত এজনকৈ লোকৰ দেহত পজিটিভ ধৰা পৰাৰ পাছতো গণ সংক্ৰমনৰ আশংকা ঘণীভূত স্থান সমূহত স্থানীয় প্ৰশাসনে আজি পৰ্য্যন্ত চেনিটাইজ কৰা নাই ৷ আনহাতে, চামগুৰিত থকা অগ্নি নিৰ্বাপক বাহিনীৰ বাহন কেইখন সম্প্ৰতি বিকল হৈ থকাৰ বাবে যোৱা দিনবোৰত ৰাজহুৱা স্থান সমূহত চেনিটাইজ কৰিব পৰা নাই ৷ এই ক্ষেত্ৰত আমবাগানত থকা অগ্নি নিৰ্বাপক বাহিনীৰ বাহনখনেৰে বৃহত্তৰ চামগুৰি আৰু পুৰণিগুদাম চেনিটাইজ কৰিব লগা হোৱা পৰিস্থিতিয়ে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ দৈন্যতাকে প্ৰতিপন্ন কৰিছে বুলি সচেতন মহলে ক্ষোভ ব্যক্ত কৰিছে ৷

You might also like