নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্লাষ্টিক আৱর্জনা নিষ্কাশনত শ্রেষ্ঠ ডিব্রুগড়; আমিৰ খানে প্ৰদান কৰিলে এই বঁটা

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক আৱর্জনা সংগ্রহ আৰু সঠিক পদ্ধতিৰে নিষ্কাশনৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি দেশজুৰি উদ্যাপিত ‘স্বচ্ছতাই সেৱা–২০১৯’ জনআন্দোলনৰ সময়ছোৱাত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক নিষ্কাশনৰ উদ্ভাৱনীমূলক আৰু ফলপ্রসূ প্রচেষ্টা হাতত লৈ দেশৰ ভিতৰতে ডিব্রুগড় জিলাই শ্রেষ্ঠ জিলাৰ সন্মানৰ লগতে প্লাষ্টিক আৱর্জনা নিষ্কাশন বঁটা–২০২০ লাভ কৰিবলৈ সক্ষম হৈছে৷

কেন্দ্রীয় জলশক্তি মন্ত্রালয়ৰ খোৱাপানী আৰু অনাময় বিভাগে আজি নতুন দিল্লীৰ এৰ’চিটী প্রাইড প্লাজাত আয়োজন কৰা এক অনুষ্ঠানত ডিব্রুগড জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাক বলীউডৰ খ্যাতনামা অভিনেতা আমিৰ খানে এই প্লাষ্টিক আৱর্জনা নিষ্কাশন বঁটা–২০২০ প্রদান কৰে৷

উল্লেখ্য যে জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ তম জয়ন্তীত সমগ্র দেশক মুকলিত মলত্যাগমুক্ত কৰা আৰু এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ পৰা মুক্ত কৰাৰ আহ্বান জনাই দেশজুৰি ‘স্বচ্ছতাই সেৱা–২০১৯’ ক এক জনআন্দোলন কার্যসূচী ৰূপে ৰূপায়ণ কৰা হৈছিল৷

এই সময়ছোৱাত ডিব্রুগড জিলা খোৱাপানী আৰু অনাময় সমিতি, ডিব্রুগড জিলা প্রশাসন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগে বিভিন্ন দল–সংগঠন, অনুষ্ঠান–প্রতিষ্ঠান, জিলাখনৰ সকলো শ্রেণীৰ ৰাইজক লগত লৈ ডিব্রুগড জিলাক এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকমুক্ত কৰাৰ বাবে ৰাস্তাই–ঘাটে বা মানুহৰ ঘৰ বা আন স্থানত পৰি থকা প্লাষ্টিকজাতীয় আৱর্জনা সংগ্রহ আৰু সেইসমূহ সঠিক পদ্ধতিৰে নিষ্কাশনৰ বাবে জোৰদাৰ অভিযান চলাইছিল৷

You might also like