নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বটদ্রৱাৰ দলংঘাটত ভুৱা পৰিচয়ৰে হিন্দু যুৱতীক পলুৱাই নি হত্যা

নিয়মীয়া বাৰ্তা, ২২ জুলাইঃ বটদ্রৱাৰ দলংঘাটৰ বেলতল বডিগাঁৱৰ ঘটনাই সম্প্রতি তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঘটনাৰ বিৱৰণি অনুসৰি ভুক্তভোগী যুৱতীগৰাকী হ’ল বডিগাঁৱৰ দিন হাজিৰা কৰা বুবুল নাথ নামৰ একমাত্র কন্যা৷ মাত্র তিনি বছৰ বয়সতে নিজ মাতৃক হেৰুওৱা প্রণামি দেৱীক অতি কষ্টৰে বুবুল নাথে বুকুৰ মাজত ডাঙৰ–দীঘল কৰি দেখিছিল সপোন৷ কিন্তু দুর্ভগীয়া পৰিয়ালটোলৈ অমানিশা নমাই আনিলে জাজৰি মুছলমান গাঁৱৰ আমোলাপট্টি এজন যুৱকে৷

জাজৰি মুছলমান গাঁৱৰ মুহিৰ উদ্দিন শ্বেখ ওৰফে ৰিহান নামৰ যুৱকজনে ভুৱা পৰিচয়ৰে প্রথমে ছ’চিয়েল নেটৱর্কিং ছাইটৰ যোগেদি দিলে প্রেমৰ প্রস্তাৱ৷ লাহে লাহে প্রেম গভীৰ হৈ অৱশেষত দুষ্ট ৰিহানে ছলনা কৰি চলিত বর্ষৰ ৫ মার্চত দেউতাকৰ অনুপস্থিতিত নিজ ঘৰৰ পৰাই পলুৱাই নিলে প্রণামিক৷ পিছত কৰিলে ক’ট মেৰেজো৷ নিজৰ স্বার্থ সিদ্ধিৰ পিছত আচল পৰিচয় ওলাই পৰিল মুহিৰ উদ্দিন শ্বেখ উৰফে ৰিহানৰ৷ আৰম্ভ হ’ল শাৰীৰিক আৰু মানসিক নির্যাতনৰ৷ এইদৰে অমানুসিক নির্যাতনৰ সন্মুখীন হৈ অৱশেষত প্রণামিয়ে সম্বন্ধীয় ককায়েকক ফোনযোগে অৱগত কৰিলে ঘটনাৰ আদ্যোপান্ত৷ কিন্তু দুখীয়া অসহায় পিতৃয়ে সমাজে বান্ধি দিয়া নিয়ম নেওচি যাব নোৱাৰে নিজ কন্যাৰ গৃহলৈ৷

অৱশেষত অত্যাচাৰৰ চূডান্ত পর্যায়ত উপনীত হৈ যোৱা ১৭ জুলাইত মুহিৰ উদ্দিন শ্বেখে প্রণামিক হত্যা কৰে৷ এই খবৰ পাই মৃত প্রণামিৰ পিতৃ আৰু পৰিয়ালৰ লোকে ঘটনা সন্দর্ভত ন্যায় বিচাৰি মিকিৰভেটা থানাত এজাহাৰ দাখিল কৰে৷ ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৬ আই পি চি, ২৮২/২০ নম্বৰত এটি গোচৰ ৰুজু কৰি মুহিৰ উদ্দিন শ্বেখক গ্রেপ্তাৰ কৰি প্রেৰণ কৰে জেল–হাজোতলৈ৷ উল্লেখ্য যে পৰিয়ালৰ সহযোগত মুহিৰ উদ্দিন শ্বেখে প্রণামিক পৰিকল্পিতভাৱে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল বুলিও অভিযোগ কৰিছে প্রণামিৰ পৰিয়ালে৷

You might also like