নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুকুৱা নাই ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী; শস্যপথাৰ বিস্তৰ ক্ষতিগ্ৰস্ত, বিভিন্ন ৰোগৰ প্ৰাদুভাব ঘটিছে পশু ধনৰ মাজত

নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ বৰষুণৰ পৰিমাণ কমিঅহাৰ লগে লগে জোনাইৰ দিখাৰী,ডেপি, ডেতাক,ডেকা, চেৰেণ আদি পাহাৰীয়া খৰস্ৰোতা নদী সমূহৰ পানী শুকাইছে যদিও ব্ৰহ্মপুত্ৰ ,লালী, বুঢ়ীসূঁতি নদীৰ পানী ধীৰে ধীৰে কমিবলৈ লৈছে । ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে আজিও জলমগ্ন কৰি পেলাইছে জোনাই ৰাজহ চক্ৰৰ নদী দ্বীপ মেচাকি চাপৰিৰ অধিকাংশ গাওঁ।চৰ অঞ্চলটোৰ মিলনপুৰ, মোহনামুখ বড়ো, মোহনামুখ গোৱালা, জেউতিপুৰ,ৰুমৈ ৰুমৈ,মেচাকি ৰাভা, মেচাকি বৰ্মণ, ৩ নং মেচাকি, ৩ নং বৰ্মণ, বৰ্মণ চেন্টাৰ, ৩ নং সূত্ৰধৰ আদি একুৰিৰো অধিক জলমগ্ন হৈ থকা গাঁৱৰ বানাক্ৰান্ত পৰিয়ালে মেচাকি চাপৰি ৰাভা গাওঁ আৰু জাউঘূলী বড়ো গাঁৱৰ ওখভেটিৰ বান শিবিৰত আশ্ৰয় লৈ আছ।

ডেপি নদীৰ বাঢ়নী পানীয়ে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰবালিৰ পৰা গালীঘাট সংযোগী মঠাউৰিটোৰ বৰবালি গাঁৱৰ কেবাঠাইত ছিঙি গালী বৰবালি গাঁৱৰ মাজেৰে ঙাবাং হৈ গালীঘাটলৈ সূঁতি সৃষ্টি কৰি বৰবালিকে ধৰি কেবাখনো গাঁৱৰ শস্যপথাৰ বিস্তৰ ক্ষতিগ্ৰস্ত কৰিছে ।গালী চিকাৰী গাওঁ পঞ্চায়তৰ গালী কছাৰী, গালী মিচিং, গালীঘাট, মিলন নগৰ, তল মামৰ, দেবেৰা, মুদৈ, জীয়াঢল, গালীঘাট লক্ষীপথাৰ, চৰাইবাৰী, বেলং,মুনিমুনি কুটুম, গালী চাপৰি, গালী ৰাংকপ, য়াৰী, ঙাবাং আদি বানপীড়িত গাওঁ সমূহৰ লগতে বৰবালি, শান্তিপুৰ, চিকাৰী, পালুং, অমৰপুৰ আদি গাওঁ সমূহৰ শস্যপথাৰ বিস্তৰ ক্ষতিগ্ৰস্ত হৈছে লালী, ডেপি নদীৰ বানত ।

বৰং অঞ্চলৰ বৰং মজদুৰ, বৰং আহোম, এৰাসূঁতি, তিনিসূঁতি, মুক্তিয়াৰ, মধ্যপুৰ,চৰাইবাৰীৰ অধিকাংশ পৰিয়ালৰ ঘৰভেটি আজিও জলমগ্ন হৈ আছে লালী নদীৰ বানত।সমগ্ৰ বৰং অঞ্চলৰ কৃষি ভূমি, শস্যপথাৰ বানৰ কবলত ক্ষতিগ্ৰস্ত হৈছে ।মিছামৰা অঞ্চলত দিখাৰী, ডেকা, বুঢ়ীসূঁতি, ঙপী নদীৰ পানী শুকাইছে যদিও নলবাৰী, বিল্লাম, ৰুয়াদ, কাংকান চাপৰি, লৃচাং, তুল্লাদ আদি বানপীড়িত গাওঁ সমূহৰ বান পৰিস্থিতি উন্নত হোৱা নাই ।

চমকঙ হাইস্কুল আৰু চমকঙ বড়ো এলপি স্কুলৰ বান শিবিৰত আশ্ৰয় লৈ থকা কেবাখনো গাঁৱৰ বানাক্ৰান্ত পৰিয়াল কালি ঘৰমুৱা হৈছে যদিও বানপীড়িত অঞ্চলৰ ডিমৰুগুৰী দ খণ্ড, লামাজান বিহিয়া, লাম্বা মিলন, লাম্বা মিচিং, অপ্সৰাৰ অধিকাংশ পৰিয়ালৰ ঘৰভেটি আজি জলমগ্ন হৈ আছে । সৌৰাংশ্ৰী আৰু চেঙাজান গোৱালা গাওঁ দুখনৰ অধিকাংশ পৰিয়াল জলমগ্ন হৈ আছে ব্ৰহ্মপুত্ৰৰ বানত। পশ্চিম জোনাইৰ বানাক্ৰান্ত অঞ্চলৰ পশু ধনৰ অৱস্থা অধিক জুৰুলা হৈ পৰা দেখা গৈছে।একেৰাহে কেবাদিনো ধৰি অনাহাৰত ভোগা পশু ধনৰ মাজত বিভিন্ন ধৰণৰ ৰোগৰ প্ৰাদুভাব দেখা গৈছে ।

You might also like