নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাধুকথাৰ জৰিয়তে শিশুৰ মনত নিজ ভাষাৰ প্রতি স্বাভিমান বৃদ্ধি কৰিব পাৰি

নিয়মীয়া বাৰ্তা, ২ আগষ্ট: অসমৰ শিশু আৰু কিশোৰসকলৰ সৈতে আত্মীয়তা গঢ়ি নৈতিক দিশত তেওঁলোকক সবল কৰি তুলিবলৈ পদক্ষেপ গ্রহণ কৰিছে অসম সাহিত্য সভাই৷ যোৱা ১ জুলাইৰ পৰা অসম সাহিত্য সভা আৰু আকাশবাণী গুৱাহাটীৰ যৌথ প্রচেষ্টাত আৰম্ভ কৰা ‘আইতাৰ সাধু–ৰেডি’তে শুনো’ শীর্ষক সাধুকথাৰ অনুষ্ঠানে এতিয়া ৰাইজৰ সমাদৰ লাভ কৰিছে৷ এই সন্দর্ভত সভাপতি ড০ কুলধৰ শইকীয়াই কয় যে সাধুকথাৰ জৰিয়তে শিশুসকলৰ মন ব্রহ্মাণ্ডত নতুন চিন্তাশ্রোত, মূল্যবোধ আৰু নিজৰ ভাষাটোৰ প্রতি স্বাভিমানৰ ভাব বঢ়োৱাৰ হেতু অসম সাহিত্য সভাই আয়োজন কৰিছে এইলানি শিশু অনুষ্ঠান৷ ডল্লেখ্য যে যোৱা ১ জুলাইৰ দিনটোত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ৰ পৰা ‘ঢ়োঁৰা কাডৰী আৰু টিপচি চৰাই’ সাধুটিৰে প্রথম অনুষ্ঠান আৰম্ভ কৰা ‘আইতাৰ সাধু–ৰেডি’তে শুনো’ এই শিতানত ইয়াৰ পৰৱত্ ৮ জুলাইত ৰাজীৱ বৰুৱাৰ পৰিকল্পনা আৰু প্রবাল কুমাৰ শর্মাৰ প্রযোজনাৰে সম্প্রচাৰিত হয় ‘ভেকুলীৰ সাধু’ নামৰ জনপ্রিয় সাধুটি৷ প্রতি বুধবাৰে দুপৰীয়া ১২ বজাত সম্প্রচাৰিত এই অনুষ্ঠান দেওবৰীয়া অকণিৰ মেলৰ ‘আইতাৰ সাধু–ৰেডি’তে শুনো’ অনুষ্ঠানৰ জৰিয়তে শিশুসকলৰ বাবে পুনৰ সম্প্রচাৰিত হৈ থকাৰ মাজতে যোৱা ১১ জুলাইত লোককৃষ্টিৰ অন্যতম পুতলা নাচৰ মাধ্যমেৰে আগবঢ়োৱা হয় ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ‘এজনী মালিনী আৰু এজোপা ফুল’ নামৰ জনপ্রিয় সাধুটি৷ পুতলা নৃত্যৰ খ্যাত গৱেষিকা বিনীতা দেৱীয়ে পৰিৱেশন কৰা আৰু সীমান্ত শর্মাৰ ব্যৱস্থাপনাত ৭ মিনিটৰ অতি আকর্ষণীয় এই অনুষ্ঠানে ৰাজ্যৰ বিভিন্ন প্রান্তৰ শিশুসকলক আকর্ষণ কৰাৰ লগতে সচেতন মহলৰ দ্বাৰাও ডচ্ছ্বসিত প্রশংসিত হয়৷

একেদৰে যোৱা ২৬ জুলাইত পুতলাৰ ব্যৱহাৰৰ দ্বাৰা নৱকান্ত বৰুৱাৰ সাধুকথা ‘বাঘ আৰু কাৱৈ টিলিকা’ সাৱলীলভাৱে পৰিৱেশিত হয় অন্তৰা চৌধুৰীৰ কণ্ঠত৷ এই অনুষ্ঠানটো সন্দর্ভত ড০ কুলধৰ শইকীয়াৰ মন্তব্য– আমাৰ সামূহিক ডৎসৱসমূহত মনোৰঞ্জনৰ অনন্য ভূষণ আছিল পুতলা নাচ প্রদর্শন৷ সেয়েহে শিশুৰ হূদয়ত তাৎক্ষণিকভাৱে প্রভাৱ বিস্তাৰ কৰিব পৰা এনে পুতলা নাচৰ জৰিয়তে শিশু মনঃস্তত্ত্বৰ অন্যতম সাধুকথাবোৰ পৰিৱেশিত হ’লে স্বাভাৱিকতে ইয়াৰ সার্থক প্রভাৱ পৰাটো নিশ্চিত৷ এইদৰে অসম সাহিত্য সভাই ধাৰাবাহিকভাৱে আমাৰ ৰাজ্যখনৰ শিশুসকলক নৈতিকভাৱে সবল কৰি তুলিবলৈ গ্রহণ কৰা এই কার্যসূচী এতিয়া অসম সাহিত্য সভাৰ শিশু অনুষ্ঠান ‘কুঁহি’, মহিলাৰ অনুষ্ঠান ‘আকাশ’, যুৱক–যুৱতীৰ অনুষ্ঠান ‘যুৱ সংসদ’–এ ইয়াক সাৰথি কৰি সামাজিক মাধ্যমেৰে সকলো শ্রেণীৰ ৰাইজৰ কাষ চপাই শিশুসকলৰ মজিয়ালৈ নিবলৈ প্রয়াস কৰাৰ পিছত স্বাভাৱিকতে ব্যাপক সঁহাৰি লাভ কৰা পৰিলক্ষিত হৈছে৷

You might also like