নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম গণ পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সম্পন্ন; অৰ্ধ শতাধিকৰ যোগদান

নিয়মীয়া বাৰ্তা, ১৬ ছেপ্টেম্বৰঃ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অন্যান্য ৰাজনৈতিক দলসমূহৰ সমান্তৰালকৈ অসম গণ পৰিষদ দলেও দলীয় তৎপৰতা অব্যাহত ৰাখিছে। কালি পেঙেৰী অঞ্চলৰ ডিব্ৰুপৰীয়া ক্ৰীড়া সংঘৰ প্ৰেক্ষাগৃহত দলটোৰ মাৰ্ঘেৰিটা বিধান পৰিষদৰ এক বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সম্পন্ন হয়। মাৰ্ঘেৰিটা বিধান পৰিষদৰ সভাপতি লৱন কুমাৰ দহোটীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখন আঁ‌ত ধৰে যুটীয়া সম্পাদক নগেন কোঁ‌চ আৰু প্ৰদীপ গগৈয়ে। সভাত অসম গণ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা অসম হাইড্ৰ’ কাৰ্বনছৰ অধ্যক্ষ পুনাকণ বৰুৱা, জিলা সভাপতি জ্যোতিমণি মৰাণ, ডিগবৈ বিধান মণ্ডলৰ সভাপতি প্ৰবাল চেতিয়াকে ধৰি অসম যুৱ পৰিষদ, ছাত্ৰ পৰিষদ আদিৰ কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ কেইবাগৰাকী বিষয়ববীয়া আৰু কাৰ্যনিৰ্বাহক সদস্য উপস্থিত থাকে। তেওঁলোকৰ ভিতৰত মণ্টু চেতিয়া (অসম ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক), প্ৰিয়বৰ মৰাণ, পল্লৱ চাংমাই, সঞ্জীৱ চুতীয়া, প্ৰণৱ ডাঙৰীয়া আৰু ৰূপান্তৰ চাউৰক অন্যতম। উক্ত সভাতেই বুঢ়ীদিহিং মৌজাৰ অন্তৰ্গত কৈলাসপুৰ, পুৰণি পুখুৰী আৰু দুৱাৰমৰা গাঁও পঞ্চায়তৰ অৰ্ধশতাধিক সচেতন যুৱকে অগপ দলত যোগদান কৰে। সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

উক্ত প্ৰস্তাৱ সমূহৰ ভিতৰত পেঙেৰীত উন্নয়ন খণ্ডৰ কাৰ্যালয় স্থাপন, ছাত্ৰ- ছাত্ৰীৰ উচ্চ শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোত এখন চৰকাৰী মহাবিদ্যালয় স্থাপন আৰু মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ বিজ্ঞান শাখাটো প্ৰাদেশিকীকৰণ কৰিবলৈ চৰকাৰৰ প্ৰতি দাবী জনোৱাৰ লগতে বুঢ়ীদিহিং মৌজাৰ পাঁ‌চখন পঞ্চায়তৰ পথাৰ সমূহত সৰিয়হ, মাটিমাহ আদিৰ খেতি কৰি সেউজ বিপ্লৱৰ সূচনা কৰা, স্থানীয় পঞ্চায়তসমূহত দলৰ বিষয়ববীয়া উপস্থিত হৈ চৰকাৰী আঁ‌চনিসমূহ সঠিক ৰূপায়ণৰ ক্ষেত্ৰত পঞ্চায়ত কৰ্তৃপক্ষক সহযোগ আগবঢ়োৱা আৰু দলৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকলক সাংগঠনিকভাৱে সৱল কৰি তোলাৰ স্বাৰ্থত সাংগঠনিক কৰ্মশালা অনুষ্ঠিত কৰাৰ সিদ্ধান্তই অন্যতম।

You might also like