নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“মোৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগ ভিত্তিহীনঃ” আমগুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী

একাংশ সংবাদ মাধ্যমত PMAY ৰ হিতাধিকাৰীৰ পৰা পইচা লোৱা আৰু এই সংক্ৰান্তত গোচৰ ৰুজু হোৱা বুলি ওলাই থকা খবৰ ভিত্তিহীন বুলি মন্তব্য কৰিছে চিচৰবৰগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত আমগুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী ঊষাৰাণী কুলি গগৈয়ে।

ভুৱা বাতৰি সম্প্ৰচাৰিত হৈ থকা প্ৰসংগত তেওঁ কয়, ‍‘দুটামান সংবাদ মাধ্যমত আমাৰ গাঁৱৰ এজন যুৱকৰ লগতে দুগৰাকীমান মহিলাই অভিযোগ উত্থাপন কৰিছে যে তেওঁলোকৰ পৰা মই আৰু মোৰ স্বামীয়ে PMAY ঘৰ দিয়াৰ বাবদ ৮ পৰা ১০ হাজাৰ টকাকৈ লৈছে৷ এইয়া সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন’৷

 মোৰ আৰু মোৰ স্বামীৰ বিৰুদ্ধে এইয়া আক্ৰুুশ আৰু চক্ৰান্তমূলক৷ পঞ্চায়তৰ দুই এজন লোকে ব্যক্তিগত আষেজ পুৰণৰ বাবে গাৱঁৰ দুগৰাকীমান দুখীয়া মহিলাক প্ৰৰোচিত কৰি মোক দুৰ্নীতিপৰায়ণ সজাবলৈ ষড়যন্ত্ৰ কৰিছে৷ প্ৰকৃত হিতাধিকাৰীয়ে তেওঁলোকৰ নামত অহা ঘৰ লাভ কৰিবই৷ ইয়াত পইচা লোৱাৰ কথা আহিবই নোৱাৰে৷ লগতে হিতাধিকাৰী সকলক কোনেও বঞ্চিত কৰিবও নোৱাৰে৷

ইয়াৰোপৰি দুখীয়া লোকৰ পৰা হাজাৰ হাজাৰ টকা লৈ লাখে লাখে ঘটি দুখনকৈ গাড়ী লোৱা বুলিও একাংশই প্ৰচাৰ চলাইছে ৷ আপোনালোকক স্পষ্টকৈ জনাও যে মই বা মোৰ স্বামীয়ে কোনো গাড়ী লোৱা নাই৷ যাৰ বাবে এই সমস্ত বাৰিষা বৰষুণৰ মাজতে পঞ্চায়তৰ অফিচ, চিলাপথাৰ, ধেমাজিলৈ দিনে অহা-যোৱা কৰাৰ একমাত্ৰ আহিলা হৈছে মোৰ স্বামীয়ে ২০১৮ চনত লোৱা মটৰ চাইকেলখন।
যি দুখন গাড়ীৰ কথা একাংশই আমি লোৱা বুলি মন্তব্য কৰিছে সেয়া আমাৰ নহয় ৷ সেইয়া দাদা দ্বীজেন গগৈৰ পুত্ৰ বিপ্লৱ গগৈয়ে লৈছে৷ আৰু এখন বাইদেউ জ্যোতিৰূপা গগৈৰ৷ এই গাড়ীৰ সৈতে মোৰ আৰু মোৰ স্বামীৰ কোনো সম্পৰ্ক নাই৷ দ্বীজেন গগৈ, বিপ্লৱ গগৈ বা জ্যোতিৰূপা গগৈয়ে গাড়ী এখন ল’ব পৰা সামৰ্থ আছে নাই সেয়া মোৰ পঞ্চায়তবাসী ৰাইজে ভালদৰে জানে৷

মই বা মোৰ স্বামীয়ে হিতাধিকাৰী বা পঞ্চায়তৰ কোনো লোকৰ পৰা পইচা লোৱাৰ যদি কিবা প্ৰমান কাৰোবাৰ লগত আছে তেন্তে তেওঁলোকে আইনৰ কাষ চাপি মোক বা মোৰ স্বামীক দুখি সাব্যস্ত কৰক৷ এই ক্ষেত্ৰত আইনে যি শাস্তি দিয়ে আমি মানি লবলৈ সাজু আছোঁ৷
কোনো সঁচা-মিচা নজনাকৈ কেৱল এক পক্ষীয়ভাৱে মই আৰু মোৰ স্বামীয়ে টকা লৈছো বা দুৰ্নীতি কৰিছো বুলি মিছা প্ৰচাৰ নচলাব৷ সেইয়া সংবাদ মাধ্যমেই হওক বা ফেচবুকতে হওক৷ তাকো কেৱল দুই এজন লোকে সংবাদ মাধ্যমৰ আগত দিয়া মন্তব্যৰ ওপৰত ভিত্তি কৰি৷ অন্যথা মোক আৰু মোৰ স্বামীক জনমানসত সেৱ প্ৰতিপন্ন কৰাৰ বাবে মই আইনী ব্যৱস্থা লবলৈ বাধ্য হম ৷ এই কথা সকলোৱে যেন মনত ৰাখে৷ আমি দিনে ৰাতিয়ে কাৰো মানসিক অত্যাচাৰৰ বলি হৈ থাকিব নোৱাৰোঁ৷
এতিয়া আহিছো মই বিজেপিত যোগদান কৰা কথালৈ৷ একাংশই মই বিজেপি দলত যোগান কৰা সম্পৰ্কে ফেচবুকত অনেক মন্তব্য আগবঢ়াইছে৷ মই কোনো দুৰ্নীতিত লিপ্ত হৈ বা ভয়ত বিজেপি দলত যোগদান কৰা নাই৷ মই আৰু মোৰ পঞ্চায়তৰ একাংশলোকে আমাৰ পিছপৰা আমগুৰি পঞ্চায়তৰ যাতে আৰু অধিক উন্নয়ন সাধন কৰিব পাৰোঁ সেই উদ্দেশ্য লৈহে যোগদান কৰিছোঁ৷ আৰু সেইয়া মোৰ পঞ্চায়ত বাসী ৰাইজে আগন্তুক দিনত নিজে দেখা পাব৷ লগতে এই কথাও স্পষ্ট কৰো যে মই বিজেপি দলৰ হেচাত পৰি যোগদান কৰা নাই৷ মোৰ এটা ভিডিঅ যি ভাইৰেল হৈছে সেইয়া খঙৰ বশবৰ্ত্তী হৈ কৰা মন্তব্যহে ৷ তাৰ বাবে মই দুঃখিত৷
মই কাৰ্য্যভাৰ লোৱাৰ দিন ধৰি মোৰ পঞ্চায়তত বিভিন্ন আঁচনিৰ ক’ত কিমান কাম কৰিছো লগতে আগন্তুক দিনত কি কি হ’ব সেই সকলো কাম পঞ্চায়ত বাসীয়ে নিজ চকুৰে দেখিছে বা দেখিব লগতে ফেচবুকৰ জৰিয়তেও জনাই যাম৷ যোৱা প্ৰায় দুবছৰ মান মই ফেচবুকত সক্ৰিয়ভাৱে নথকাত কিছুমান কামৰ বিষয়ে হয়তো একাংশ লোক অৱগত নহয়৷

শেষত মোৰ পঞ্চায়তৰ লগতে অঞ্চলবাসী ৰাইজক অনুৰোধ জনাও যে আগন্তুক দিনত আপোনাকে গঠনমূলক দিহা পৰামৰ্শ আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ যদি কৰবাত ভুল-ভ্ৰান্তি হয় তেন্তে আঙুলিয়াই দিব৷

ঊষাৰাণী কুলি গগৈ
সভানেত্ৰী
আমগুৰি গাওঁ পঞ্চায়ত
চিচিবৰগাওঁ উন্নয়ন খণ্ড

You might also like