নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘বৰপেটা শিৰোমণি’; এমচি কলেজৰ প্রাক্তন অধ্যক্ষ অর্জুন দাসৰ ক’ৰোনাত বিয়োগ

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ বিশিষ্ট শিক্ষাবিদ, সমাজ সংগঠক,বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ প্রাক্তন অধ্যক্ষ, বৰপেটা শিৰোমণি বঁটাপ্রাপক অর্জুন চন্দ্র দাসৰ শনিবাৰে বিয়লি ৪ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পৰলোকপ্রাপ্তি ঘটে৷ যোৱা পাঁচ দিনমান ধৰি তেওঁৰ জ্বৰ হৈ থকাৰ পাছত ১০ ছেপ্টেম্বৰৰ পুৱা ঘৰতে অক্সিজেনৰ লেভেল কমি যোৱাত বৰপেটা মেডিকেল কলেজত ভর্তি কৰা হৈছিল আৰু তাতে ক’ভিড–১৯ আক্রান্ত হোৱা বুলি জানিব পাৰি উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ ক’ভিড ৱার্ডৰ আই চি ইউত ৰখা হৈছিল৷

শুকুৰবাৰে নিশা তেওঁক প্লাজমা প্রদান কৰা হৈছিল যদিও কালি বিয়লি ৪ বজাত তেওঁৰ পৰলোক ঘটে৷ ১৯৩৪ চনৰ ৩০ ডিচেম্বৰত বৰপেটাৰ মাজৰহাটীত জন্মগ্রহণ কৰা প্রয়াত নৰপতি দাস আৰু ৰামপ্রিয়া দাসৰ পুত্র অর্জুন চন্দ্র দাসে সদৰ বালক মজলীয়া বিদ্যালয়ত প্রাথমিক শিক্ষা গ্রহণ কৰি বৰপেটা বিদ্যাপীঠৰ পৰা ১৯৫৩ চনত মেড্রিক পৰীক্ষাত প্রথম বিভাগত উত্তীর্ণ হয়৷ ১৯৫৫ চনত কটন কলেজৰ পৰা বিজ্ঞান শাখাত ইণ্টাৰ মিডিয়েট আৰু ১৯৫৭ চনত উদ্ভিদ বিজ্ঞানৰ স্নাতক ডিগ্রী লাভ কৰাৰ পাছত ১৯৬১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্রী লাভ কৰে৷ দাসে ১৯৬৩ চনত পঞ্জাবৰ পাতিয়ালা চহৰত এন চি চি প্রি–কমিছন অফিচাৰৰ প্রশিক্ষণ সমাপ্ত কৰি ১৯৮০ চনলৈকে মাধৱ চৌধুৰী মহাবিদ্যালয়ত এন চি চি কমাণ্ডিং অফিচাৰ হিচাপে কর্মৰত হৈ আছিল৷ তেওঁ ১৯৫৭–৫৯ চনলৈ বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক হিচাপে কর্ম জীৱন আৰম্ভ কৰি ১৯৬২ৰ পৰা ১৯৯১ চনলৈ বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ প্রবক্তা, পাছত মুৰব্বী হিচাপে কর্তব্য সম্পাদন কৰে৷ ১৯৯১ চনত মহাবিদ্যালয়খনৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হৈ ১৯৯৬ চনৰ নৱেম্বৰ মাহত অৱসৰ গ্রহণ কৰে৷ অৱসৰৰ পাছতো বৰপেটাৰ পশ্চিম পালাংদিহাটী নিৱাসী দাসে ২০০৪ চনলৈ শালবাৰী ডিগ্রী কলেজৰ অধ্যক্ষ হিচাপে কার্যনির্বাহ কৰে৷

You might also like