নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম গেছ কোম্পানীৰ নতুন অভিলাষী আঁচনি; ১৫ আগষ্টৰ পৰা নতুন আঁচনি কাৰ্য‍্যকৰীকৰণ

  • ৩ বছৰত ২ লাখ উপভোক্তালৈ পাইপযোগে ঘৰুৱা ৰন্ধন গেছৰ যোগান

নিয়মীয়া বাৰ্তা, ১৪ আগষ্ট : অসম চৰকাৰৰ উদ‍্যোগত সকলো শ্ৰেণীৰ উপভোক্তাৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অনাগত ৩ টা বছৰত উজনি অসমত ৰন্ধন গেছৰ উপভোক্তাৰ সংখ্যা ২ লাখলৈ বৃদ্ধি কৰাৰ লক্ষ্য স্হিৰ কৰিছে অসম গেছ কোম্পানীয়ে । আনহাতে কোম্পানীৰ নতুন অভিলাষী আঁচনি ৰূপায়ণৰ জৰিয়তে প্ৰতিগৰাকী উপভোক্তাই পাইপযোগে ঘৰুৱা ৰন্ধন গেছৰ সংযোগৰ বিনিময়ত প্ৰতিদিনে ৩ টকাকৈ অৰ্থাৎ মাহেকত কোম্পানীক দিব লাগিব ৯০ টকা ।

উল্লেখযোগ্য যে বিগত ২ ছেপ্তেম্বৰ ২০১৯ ত অসম গেছ কোম্পানীৰ পৰিচালন সঞ্চালকৰ পদত অধিষ্ঠিত হোৱা গকুলচন্দ্ৰ স্বৰ্গীয়াৰীৰ মাত্ৰ এবছৰীয়া সু-পৰিকল্পিত নেতৃত্বতে কোম্পানীটোয়ে কাৰ্য‍্যতঃ গ্ৰহণ কৰিছে এই সূদুৰপ্ৰসাৰী অভিলাষী আঁচনি । লক্ষণীয় যে ১০০ শতাংশ থলুৱা নিযুক্তিৰে পৰিপূৰ্ণ অসম গেছ কোম্পানীয়ে প্ৰতিষ্ঠাকালৰে পৰা মাত্ৰ ৩৫ হাজাৰ ৪১ গৰাকী উপভোক্তালৈ ঘৰুৱা ৰন্ধন গেছৰ যোগান ধৰিবলৈ সক্ষম হৈছে । পূৰ্বতে উপভোক্তাই ৰন্ধন গেছৰ সংযোগ লাভৰ বাবদ প্ৰাৰম্ভিকতে বেংকত ডিপ’জিট কৰিব লাগিছিল প্ৰায় ১২ হাজাৰ টকা লগতে মাহেকীয়া পষ্ট-পেইড বিল প্ৰদান কৰিব লাগে । সেয়ে খাটিখোৱা শ্ৰেণীটোৰ বাবে এই ৰন্ধন গেছৰ সংযোগ মূল‍্য যথেষ্ট ব‍্যয়সাধ‍্য হোৱাত ইচ্ছা সত্বেও তেওঁলোকে ঘৰুৱা ৰন্ধন গেছৰ সংযোগ ল’ব নোৱাৰিছিল ।

অসম গেছ কোম্পানীয়ে সকলোৰ শ্ৰেণীৰ বাবে উপভোগ‍্য হোৱাকৈ প্ৰথমবাৰলৈ পূৰ্বৰ নিয়ম সংশোধন কৰি অভিলাষী আঁচনিৰ জৰিয়তে উজনি অসমৰ ১১ খনকৈ চহৰ অঞ্চলত ৰন্ধন গেছৰ উপভোক্তাৰ সংখ্যা প্ৰায় ৩৫ হাজাৰৰ পৰা ২ লাখলৈ বৃদ্ধি কৰা লক্ষ্য স্হিৰ কৰে । ইতিমধ্যে ডিব্ৰুগড় চহৰকে ধৰি দুলীয়াজান, শিৱসাগৰ, মৰাণ, নাজিৰা, ডিগবৈ, নাহৰকটীয়া, তিনিচুকীয়া, মাৰ্ঘৰিটা-লিডু, যোৰহাট আৰু তিতাবৰ চহৰত পাইপযোগে ঘৰুৱা ৰন্ধন গেছৰ যোগান ধৰি আহিছে গেছ কোম্পানীয়ে । অহা ১৫ আগষ্টৰ পৰা নতূন অভিলাষী আঁচনি কাৰ্য‍্যকৰী কৰা হ’ব বুলি উল্লেখ কৰিছে পৰিচালন সঞ্চালক গকুলচন্দ্ৰ স্বৰ্গীয়াৰীয়ে । আনহাতে ঘৰুৱা ৰন্ধন গেছৰ উপভোক্তাই পৰ্য‍্যায়ক্ৰমে পাছলৈ পষ্ট-পেইডৰ সলনি প্ৰি-পেইড বিলো পৰিশোধ কৰিব পাৰিব ।

উল্লেখযোগ্য যে সৰ্বাধিক লভ‍্যাংশ প্ৰদান কৰা অসম চৰকাৰৰ অধীনস্হ তথা লাভজনক কোম্পানী অসম গেছ কোম্পানী লিমিটেডে কাৰিকৰী কৌশলেৰে ৫৭ বছৰীয়া কোম্পানীটোৰ ব‍্যৱসায়ীক সম্প্ৰসাৰণ বিভিন্ন ৰাজ‍্যলৈও কাৰ্য‍্যতঃ সম্প্ৰসাৰণ ঘটোৱাৰ পৰিকল্পনা যুগুত কৰিছে।ইফালে অলপতে নামৰূপস্হিত আসাম পেট্ৰ’ কেমিকেলচ লিমিটেডৰ কলনিত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত অসম গেছ কোম্পানীৰ পৰিচালন সঞ্চালক গকুলচন্দ্ৰ স্বৰ্গীয়াৰীয়ে কোম্পানীৰ অভিলাষী আঁচনিৰ শুভাৰম্ভ কৰে ।

এ পি এলৰ অধ‍্যক্ষ বিকুলচন্দ্ৰ ডেকাই উদ্বোধন কৰা সভাখনত এ পি এলৰ পৰিচালন সঞ্চালক অতুল চন্দ্ৰ বৰ্মনৰ উপস্হিতিত নামৰূপস্হিত ৩৫০ টা পৰিয়ালত ঘৰুৱা ৰন্ধন গেছ সংযোগৰ শুভাৰম্ভ ঘটাই কোম্পানীৰ অনাগত ২ লাখ উপভোক্তাৰ টাৰ্গেট আনুষ্ঠানিকভাৱে মুকলি কৰা হয় । এই অনুষ্ঠানতে অসম গেছ কোম্পানীৰ গেছ মাৰ্কেটিং বিজনেছৰ উপ মহাপ্ৰৱন্ধক মনোজ বৰুৱাই পাইপ গেছৰ সুৰক্ষা আৰু ইয়াৰ ব‍্যৱহাৰৰ সন্দৰ্ভত ৰাইজৰ সুবিধাৰ্থে বিশদ আলোচনা আগবঢ়াই ।সাম্প্ৰতিক পৰিৱেশৰ মাজতে অসম গেছ কোম্পানীৰ এনে সুদুৰপ্ৰসাৰী উন্নয়ণমুখী ধাৰাই অসমবাসীৰ লগতে অসম চৰকাৰকো যে লাভান্বিত কৰি তুলিব, সেয়া নিশ্চিত ।

You might also like