নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ মাজতো ভদীয়া নাম মহোৎসৱলৈ সাজু আঠখেলীয়া নামঘৰ

  • ভক্তপ্ৰাণ ৰাইজক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান

নিয়মীয়া বাৰ্তা, ১৪ আগষ্টঃ ভাদ মাহলৈ মাজত মাথো কেইটামান দিন। ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰে পূৰ্বৰ পৰম্পৰা অক্ষুন্ন ৰাখি এইবাৰো শাওনৰ ৩২ তাৰিখৰ পৰা ৩১ ভাদলৈকে মাহজোৰা কাৰ্যসূচীৰে পবিত্ৰ ভাদ মাহৰ নাম মহোৎসৱ আয়োজন কৰিছে। বিগত বৰ্ষৰ তুলনাত এইবাৰ নামঘৰৰ পৰিবেশ কিছু সুকীয়া। প্ৰতি বছৰে ভাদ মাহ আৰম্ভ হোৱা বহু পূৰ্বৰ পৰাই সাধাৰণতে নামঘৰত ভকতৰ সমাগম বৃদ্ধি পায়। এইবাৰ কিন্তু এখন বিপৰীত ছবি পৰিলক্ষিত হৈছে।

ৰাইজৰ উপস্থিতি একেবাৰে সেৰেঙা। পৰিচালনা সমিতিয়ে জানিবলৈ দিয়া মতে ক’ৰোনা মহামাৰীৰ আতংক আৰু লকডাউনৰ বাবে অলেখ প্ৰত্যাহ্বানৰ মাজতো প্ৰশাসনে ধৰি দিয়া নীতি-নিৰ্দেশনা মানি অনুষ্ঠুপিয়াকৈহে আয়োজন কৰিছে ভদীয়া নাম। এই সময়চোৱাত আহিব লগা ভক্তপ্ৰাণ ৰাইজৰ যাতে কোনো সমস্যাৰ সৃষ্টি নহয় তাৰ বাবে প্ৰয়োজনীয় বিভিন্ন ব্যৱস্থা লৈছে পৰিচালনা সমিতিয়ে। চাকি জ্বলোৱা, শৰাই দিয়া পদ্ধতি, পৃথক পৃথককৈ প্ৰৱেশ আৰু প্ৰস্থান আদিৰ ব্যৱস্থা কৰিছে। নাম প্ৰসংগৰ ক্ষেত্ৰটো কিছু নিয়ম নিৰ্দ্ধাৰণ কৰি দিছে। প্ৰায় পাঁচজনকহে নাম প্ৰসংগত অংশগ্ৰহণ কৰিবলৈ প্ৰশাসনে অনুমতি দিছে।

উল্লেখ্য যে এনে জটিল পৰিস্থিতিতো নামঘৰৰ চৌহদ, চৌহদতে থকা মনোমোহা পুখুৰী, প্ৰৱেশৰ পথ, নামঘৰৰ বাহিৰত থকা দোকান বজাৰ আদিবোৰ ৰং, তেল সানি ন-কৈ সজাই পৰাই তোলা দেখিবলৈ পোৱা গৈছে। নামঘৰলৈ আগমন হ’ব লগা সকলো ভক্তপ্ৰাণ ৰাইজক ক’ৰোনা মহামাৰী সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰয়োজনীয় সতৰ্কতা অৱলম্বন কৰিবলৈ পৰিচালনা সমিতিয়ে আহ্বান জনাইছে।

You might also like