নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বড়ো মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ত অতিৰিক্ত শিক্ষক নিযুক্তি, সুকীয়া টেট অনুষ্ঠিত কৰাৰ দাবী

নিয়মীয়া বাৰ্তা, ১৬ ছেপ্টেম্বৰঃ বড়ো মাধ্যমৰ প্ৰাথমিক শিক্ষক সমাজৰ একমাত্ৰ শিক্ষক সংগঠন নিখিল বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱসটি আজি চিমেন চাপৰিস্থিত বড়ো শিক্ষক ভৱনত অনুষ্ঠিত কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ পুৱা ৯ বজাত পতাকা উত্তোলন কৰে ধেমাজি জিলা বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ সভাপতি সুশীল বসুমতাৰীয়ে। ইয়াৰ পাছতে পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত কৰা হয় এখন আলোচনা সভাৰ। ধেমাজি জিলা বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ সভাপতি সুশীল বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকি নিখিল বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ সভাপতি চবিন স্বৰ্গীয়াৰীয়ে কয় নিখিল বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ লগতে বড়ো সাহিত্য সভাকে ধৰি বিভিন্ন বড়ো সংগঠনৰ দীৰ্ঘ দিনীয়া দাবীৰ অন্তত অসম চৰকাৰৰ শিক্ষা বিভাগে বড়ো মাধ্যম আৰু অন্যান্য জনজাতীয় ভাষা সঞ্চালকালয় গঠনৰ কাম হাতত লৈছে। চৰকাৰৰ এনে প্ৰচেষ্টাক নিখিল বড়ো প্ৰাথমিক শিক্ষক সন্থাই আদৰণি জনাইছে বুলি কৈ বৰ্তমানেও বড়ো মাধ্যমৰ প্ৰাথমিক বিদ্যালয় সমূহত বিভিন্ন সমস্যাৰে বিদ্যমান বুলি উল্লেখ কৰি বড়ো মাধ্যমৰ বহুতো প্ৰাথমিক বিদ্যালয়ত এজনীয়া শিক্ষকে শিক্ষাদান কৰিব লগা হৈ আহিছে।

নিখিল বড়ো প্ৰাথমিক শিক্ষক সন্থাই দীৰ্ঘ বছৰ ধৰি অতিৰিক্ত শিক্ষক নিযুক্তি দিয়া, বড়ো মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষক নিযুক্তিৰ বাবে বড়ো মাধ্যমত সুকীয়া টেট অনুষ্ঠিত কৰা, শিক্ষাৰম্ভ হোৱাৰ লগে লগে বিনামূলীয়া পাঠ্যপুথি যোগান ধৰা, বড়ো মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰি ২০১৬ ৰ আৰঅপি অনুসৰি প্ৰধান শিক্ষকক সুকীয়া গ্ৰেড পে’ প্ৰদান কৰা, বড়ো মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক বুনিয়াদী শিক্ষণ প্ৰদানৰ ক্ষেত্ৰত থকা অসুবিধা আতৰাবলৈ সহঃ পাঠ্যপুথি যোগান ধৰা,বড়ো মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ত উপযুক্ত শিক্ষণ সামগ্ৰী যোগান ধৰা আদি সমস্যাৰ সমাধানৰ দাবী জনাই আহিছে যদিও চৰকাৰে অদ্যাপি বড়ো মাধ্যমৰ এনেবোৰ সমস্যাৰ সমাধানৰ কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰা নাই বুলি বক্তব্যত কয়।

ধেমাজি জিলা বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক মনোজ স্বৰ্গীয়াৰীয়ে আতঁধৰা অনুষ্ঠানত ধেমাজি জিলা বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ সহঃ সাধাৰণ সম্পাদক ৰত্নেশ্বৰ মহিলাৰী, কোষাধ্যক্ষ বিনয় স্বৰ্গীয়াৰী প্ৰমুখ্যে বহু সংখ্যক নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে

You might also like