নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰসংগঃ বিটিচি নিৰ্বাচন; শুক্লাই ছেৰফাঙত সহস্ৰাধিকৰ বিপিএফত যোগদান

  • প্ৰমোদ বড়োৱে বড়ো জাতিক বিক্ৰি কৰিছে- গনেশ কছাৰী

নিয়মীয়া বাৰ্তা, ৯ আগষ্টঃ বিটিচি নিৰ্বাচনকলৈ তৎপৰতা অব্যাহত আছে বিটিচিৰ ৰাজনৈতিক দল সমুহৰ মাজত।আজি বাগসাৰ ২৯ নং শুক্লাই পৰিষদীয় নিৰ্বাচনৰ ৰণশিঙা বজায় বিটিচি পৰিষদৰ শাসনাধিষ্ট দল বিপিএফে।সমষ্টিতোৰ প্ৰাক্তন ই এম তথা বিপিএফৰ প্ৰাৰ্থী গনেশ কছাৰীৰ বৰনদীপাৰৰ বাসভৱন চৌহদৰ প্ৰেক্ষাগৃহত একে সময়তে দুখনকৈ ৰাজনৈতি নিৰ্বাচনী সভা অনুষ্ঠিত হৈ যায়।শুক্লাই ছৰফাঙ ব্লক বিপিএফৰ সভাপতি জিনা ৰাম বড়োৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ৰাজ্য সভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে কয় যে দেশে স্বাধীনতা লাভ কৰাৰ পিছত কোনো এখন চৰকাৰে ভাৰত- ভূটান সীমান্তৱৰ্তী বৃহত্তৰ অঞ্চলটোৰ উন্নয়ণ আনিব পৰা নাছিল।২০০৩ চনত বিটিচি চুক্তি স্বাক্ষৰ

পিছতহে অঞ্চলটোৱে উন্নয়ণৰ গতি লাভ কৰে।যাৰ বাবে এতিয়া পথ-যাতায়াত,দলঙ, চিকিৎসালয় আদিৰ উন্নয়ণ হয়।সমাগত বিটিচি নিৰ্বাচনত বিপিএফে একক সংখ্যা গৰিষ্ঠতা লাভ কৰি হাগ্ৰামা মহিলাৰীৰ নেতৃত্বতে চৰকাৰ গঠন হ’ব বুলি ঘোষণা কৰে।সভাত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য শুক্লেশ্বৰ গয়াৰীৰ উপৰিও প্ৰাক্তন এন ডি এফ বিৰ কেবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে। সভাত গণ সুৰক্ষা পাৰ্টি, বিজেপি, অগপ, ইউপিপিএল, বৰ্মণ কছাৰী ছাত্ৰ সন্থা আৰু আছুৰ প্ৰাক্তন নেতা-কৰ্মীকে ধৰি ১০৬২ গৰাকীয়ে বিপিএফ দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰি বিপিএফৰ প্ৰাৰ্থী গনেশ কছাৰীৰ জয়ৰ পথ মুকলি কৰে।আনহাতে প্ৰাক্তন ই এম তথা বি পি এফ প্ৰাৰ্থী গনেশ কছাৰীয়ে প্ৰাক্তন এৱছু সভাপতি তথা ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োক তীব্ৰ ভাষাৰে সমালোচনা কৰি সংবাদ মাধ্যমৰ আগত কয় যে প্ৰমোদ বড়োৱে বড়ো জাতিক বিশ্বাসঘাটকতা কৰাই নহয় বিক্ৰীও কৰিছে।যি নেতাই ছাত্ৰ সংগঠনত থাকি বড়োলেণ্ড নোপোৱালৈকে সংগ্ৰাম কৰাৰ হুংকাৰ দিছিল এতিয়া সেইজন নেতাই বিটিআৰ চুক্তি কৰি বড়ো জাতিটোক বিশ্বাসঘাটকতা কৰিছে।অসম চুক্তি স্বাক্ষৰৰ ত্ৰিশ বছৰ অতিক্ৰম কৰাৰ পিছতো আজিলৈক ৬ নং দফা কাৰ্যকৰী নহ’ল।ঠিক তেনেদৰে বিটিআৰ চুক্তিও একেয়ে হ’ব।

বিটিআৰ চুক্তি স্বাক্ষৰ হোৱাৰ ছমাহ পিছতো সংসদত অনুমোদন নোহোৱা বুলি কয়।লগতে বিটিআৰ চুক্তিত কিছু আৰ্থিক পেকেজ লাভ কৰিছে যদিও বিটিচি চুক্তিৰ পৰিসৰ হ্ৰাসহে কৰিব বুলিও মন্তব্য কৰে নেতা গৰাকীয়ে।

You might also like