নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিআৰ চুক্তি অনুসৰি শীঘ্ৰে বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠনৰ দাবী

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰঃএবছুৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত আজি চিমেন চাপৰিস্থিত সংগঠনটোৰ মুখ্য কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ নাগৰিক সভা অনুষ্ঠিত কৰা হয়।ধেমাজি জিলা এবছুৰ সভাপতি শিৱৰাম বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় ধেমাজি জিলা এবছুৰ সাধাৰণ সম্পাদক উদাং বি বডোছাই।কেবাটাও বড়ো জাতীয় সংগঠনৰ নেতা-কৰ্মী উপস্থিত থকা অনুষ্ঠানত এবছুৰ প্ৰাক্তন উপ সভাপতি ৰোমিঅ’ পি নাৰ্জাৰীয়ে কয় শেহতীয়াকৈ সম্পাদিত হোৱা তৃতীয় বড়ো চুক্তি বিটিআৰৰ পাঁচ নং ধাৰাৰ ৫.১ দফা অনুসৰি বিটিএডিৰ বাহিৰৰ বড়ো জনগণৰ বাবে বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদ গঠনৰ ব্যৱস্থা আছে।

চুক্তি সম্পাদিত হোৱা সাত মাহ উকলি যোৱাৰ পিছত সদ্য সমাপ্ত অসম বিধানসভাৰ ৰ্বষাকালীন অধিবেশনত বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদ গঠনৰ বিধেয়কখন উত্থাপন কৰিবলৈ অসম চৰকাৰৰ ফালৰ পৰা আন্তৰিকতা প্ৰদৰ্শন কৰাৰ পিছতো অসম চৰকাৰৰ মিত্ৰজোঁটৰ বিপিএফ দলৰ বিৰোধিতা কৰাৰ বাবে বিধেয়কখন বিধানসভাত উত্থাপন কৰাত বাধা আহি পৰে বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় অসম চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন মন্ত্ৰীগৰাকী স্বগোষ্ঠীয় হৈয়ো বিটিএডি বাহিৰৰ অসমৰ একৈশখন জিলাত বসবাস কৰা দহ লক্ষ্যাধিক বড়ো জনগণৰ ৰাজনৈতিক, আৰ্থ-সামাজিক, শৈক্ষিক, সাংস্কৃতিক আদি দিশৰ উত্তৰণৰ বাবে বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠনৰ পথ ৰুদ্ধ কৰি তুলিলে বুলি চন্দন ব্ৰহ্মৰ বিৰুদ্ধে ক্ষুৰধাৰ সমালোচনা কৰে।

এবছুৰ প্ৰাক্তন শীৰ্ষনেতা গৰাকীয়ে পুনৰ কয় যে বিপিএফৰ মূৰব্বী তথা সোতৰ বছৰ ধৰি বিটিচিৰ শাসন চলোৱা হাগ্ৰামা মহিলাৰীয়ে প্ৰতিটো নিৰ্বাচনতে অসমৰ বড়ো ৰাইজক ৰাজনৈতিক হাথিয়াৰ হিচাবে নিজৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰি আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি এনে মানসিকতা ত্যাগ কৰিবলৈ হাগ্ৰামা মহিলাৰীক সকীয়াই দিয়ে।বিটিআৰ চুক্তি ৰূপায়ণ কৰি শীঘ্ৰে বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদ গঠন কৰিবলৈ কোৱাৰ লগতে চুক্তিখনৰ অন্যান্য দফা সমূহো ৰূপায়ণ কৰিবলৈ চৰকাৰক দাবী জনাইছে এবছুৰ প্ৰাক্তন উপ সভাপতি অমিঅ’ পি নাৰ্জাৰীয়ে। নাগৰিক সভাত সভাপতিত্ত্ব কৰা শিৱৰাম বসুমতাৰীয়ে নিজৰ ভাষনত কয় সাংবিধানিক প্ৰাপ্য অধিকাৰৰ দাবীত চলি অহা বড়ো আন্দোলনত দশক দশক কাল ধৰি সৰ্বস্ব ত্যাগ কৰি অহাৰ পিছতো প্ৰতিখন বড়ো চুক্তিয়ে বিটিএডিৰ বাহিৰৰ বড়ো জনগণৰ উন্নয়নক বঞ্চিত কৰি আহিছে বুলি বিষোদগাৰ প্ৰকাশ কৰি তেওঁ পুনৰ কয় যে বড়ো সকলৰ সামগ্ৰিক উন্নয়ন,সুৰক্ষা আৰু নিৰাপত্তাৰ লক্ষ্যৰে তৃতীয় বড়ো শান্তি চুক্তিৰ দফা সমূহ ৰূপায়ণত গুৰুত্ব আৰোপ কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক দাবী জনাই এই ক্ষেত্ৰত সকলো বড়ো জাতীয় সংগঠনৰ নেতৃত্বক ঐক্যবদ্ধ প্ৰচেষ্টাৰে সবল ভূমিকা গ্ৰহণ কৰিবলৈও আহ্বান জনায়।

নাগৰিক সভাত ধেমাজি জিলা ইউবিপিঅৰ সাধাৰণ সম্পাদক দিপাঙ্কৰ নাৰ্জাৰী,অবিভক্ত লখিমপুৰ জিলা এবছুৰ প্ৰাক্তন সভাপতি শুক্ৰাচাৰ্য মুছাহাৰী, চিমেন চাপৰি এছ বি বড়ো হাইস্কুলৰ সহঃ প্ৰধান শিক্ষক ললিত চন্দ্ৰ বড়ো, ইউ এন বি বড়ো হাইস্কুলৰ প্ৰধান শিক্ষক ভূমিধৰ বড়োয়েও ভাষন আগবঢ়াই শীঘ্ৰে বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদ গঠন কৰিবলৈ চৰকাৰক আহ্বান জনায়।নাগৰিক সভাত এবছুৰ তৰ্ক সম্পাদক দিপজ্যোতি কছাৰী,এবছুৰ কামৰূপ জিলা সমিতিৰ সভাপতি বলৰাম বড়ো, গুৱাহাটী জিলা সমিতিৰ সভাপতি অঞ্জালু মুছাহাৰী, প্ৰাক্তন এবছু নেতা মনমোহন বড়ো, মুহিপাল বড়ো, ইউবিপিঅৰ উপাধ্যক্ষা সৌমশ্ৰী বড়ো, বড়ো সাহিত্য সভাৰ ধেমাজি জিলা সমিতিৰ সভাপতি জুলেন চন্দ্ৰ বড়ো, জোনাই জিলা সমিতিৰ সভাপতি সোণেশ্বৰ বসুমতাৰী,ধেমাজি জিলা আবৌফৰ সভানেত্ৰী ফুলেশ্বৰী দৈমাৰী, সাধাৰণ সম্পাদিকা ভাৰতী ব্ৰহ্ম, অবিভক্ত লক্ষীমপুৰ জিলা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ সভাপতি চাঞ্চুমা বসুমতাৰী, নিখিল বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ সভাপতি চবিন স্বৰ্গীয়াৰী,এনডিএফবিৰ চাৰিটা গোটৰ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।

You might also like