নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীত চিকা নৈৰ গৰাখহনীয়াঃ ২ নং চিকাঝোৰা প্ৰাথমিক বিদ্যালয়ত আশ্ৰয় গ্ৰহণ

নিয়মীয়া বাৰ্তা, ১৬ ছেপ্টেম্বৰঃ বিজনী মহকুমাৰ অন্তৰ্গত বিষ্ণুপুৰৰ ২ নং চিকাঝোৰা গাঁৱত চিকা নৈৰ গৰাখহনীয়াই বিস্তৰ ক্ষতি সাধন কৰিছে । গাঁওখনৰ কৃষক গোপাল মণ্ডলৰ বাসগৃহ চিকা নৈৰ গৰাখহনীয়াৰ কবলত পৰিছে ।

তাৰোপৰি, কৃষকজনৰ তামোলৰ বাগিছাৰো বিস্তৰ ক্ষতি সাধন কৰিচে চিকা নৈৰ গৰাখহনীয়াই। অকল তামোলেই নহয়, বেঙেনা, ৰবৰ বাগান আদিও নৈখনৰ গৰাখহনীয়াৰ কবলত পৰিছে । ফলত ভীষণ ক্ষতিৰ সন্মুখীন হৈছে কৃষক গোপাল মণ্ডল । উল্লেখ্য নেৰা নেপেৰা প্ৰবল বৃষ্টিপাতৰ ফলত ফেনে-ফোটোকাৰে ওফন্দি উঠা চিকা নৈৰ বাঢ়নী পানীয়ে ইতিমধ্যে ২ নং বিষ্ণুপুৰৰ পৰা ২ নং চিকাঝোৰালৈ যোৱা পথৰ কেইবা ঠাইতো খহনীয়াৰ সৃষ্টি কৰে। ফলত পথটোৰে যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে ।

তাৰোপৰি, ২ নং চিকাঝোৰাৰ ১০ টাকৈ পৰিয়াল বান আৰু গৰাখহনীয়াৰ কবলত পৰা বাবে সম্প্ৰতি ২ নং চিকাঝোৰা প্ৰাথমিক বিদ্যালয়ত আশ্ৰয় গ্ৰহণ কৰি আছে । অতি পৰিতাপৰ কথা এয়ে যে গাঁওখনৰ বান আৰু গৰাখহনীয়াৰ ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ বাবে এতিয়ালৈ কোনো জন প্ৰতিনিধি কিম্বা প্ৰশাসনৰ লোক গাঁওখনত উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

You might also like