নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ক’ৰোনা মহামাৰী প্ৰতিৰোধী সজাগতা পুথিভঁৰাল সন্থাৰ

নিয়মীয়া বাৰ্তা, ১৪ আগষ্ট: মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু মৰিগাঁও জিলা গ্ৰাম্য পুথিভড়াল সন্হাৰ সহযোগত আজি মৰিগাঁও চহৰৰ মাজমজিয়াত বিশ্ব ত্ৰাসিত ক’ৰোনা মহামাৰী প্ৰতিৰোধ কৰাৰ মানসেৰে এক পদযাত্ৰা উলিয়ায় মৰিগাঁও জিলা গ্ৰাম্য পুথিভড়াল সন্হাৰ সদস্যসকল আৰু যুৱ সংঘৰ সদস্যসকলে। পুৱা ১১ বজাত উলিওৱা পদযাত্ৰা কাৰ্যসূচীটি শুভ উদ্বোধন কৰে মৰিগাঁও জিলাৰ উপায়ুক্ত ঋতুৰাজ বৰাই। উদ্বোধনী ভাষণত উপায়ুক্ত মহোদয়ে বৰ্তমান সময়ত ক’ৰোনা মহামাৰীয়ে সমগ্ৰ দেশখনতে এক ভয়াৱহতাৰ সৃষ্টি কৰাৰ বিষয়ে প্ৰকাশ কৰে। প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ লগতে পুলিচ প্ৰশাসনে নিৰ্ধাৰণ কৰা নীতিনিয়মবোৰ মানি ক’ৰোনা মহামাৰীক প্ৰতিৰোধ কৰিবলৈ ৰাইজক আহ্বান জনায়। লগতে সদৌ অসম গ্ৰাম্য পুথিভড়াল সন্হাৰ সভাপতি প্ৰতাপ হাজৰিকাই বক্তব্যত জীৱশ্ৰেষ্ঠ প্ৰতিজন নাগৰিকৰ সজাগ আৰু সচেতনতাই এই মহামাৰীক প্ৰতিৰোধ কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য প্ৰকাশ কৰে। অনুষ্ঠানত জিলা সন্হাৰ সভাপতি, উপ-সভাপতিদ্বয়, সাধাৰণ সম্পাদক, সহ: সম্পাদকদ্বয়কে ধৰি কৰ্মীসকল উপস্থিত থাকে।

You might also like