নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটাৰ লাট মণ্ডল সুনীল গগৈৰ ক’ৰোনাত মৃত্যু, শোকৰ ছাঁ

নিয়মীয় বাৰ্তা, ২৫ ছেপ্টেম্বৰঃ ক’ৰোনা মহামাৰীৰ ফলত প্ৰতিদিনে বিভিন্নজনৰ মৃত্যুৰ বাতৰি পোৱা গৈছে। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী (লাট মণ্ডল)তথা তিনিচুকীয়া বৰদলৈ নগৰ নিৱাসী সুনীল গগৈ নামৰ লোকজন ক’ভিড-১৯ত আক্ৰান্ত হৈ বৃহস্পতিবাৰে নিশা ৯ বজাত ডিব্ৰুগড় অসম মেডিকেল কলেজত কৰুণভাবে মৃত্যুক আঁকোৱালি লয়।

চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিবলৈ মাত্ৰ চাৰিটি বছৰ থকা প্ৰয়াত গগৈয়ে মাৰ্ঘেৰিটা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত লাট মণ্ডল হিচাবে কৰ্তব্য সম্পাদন কৰিছিল। বিগত কেইবাদিন ধৰি ক’ভিড আক্ৰান্ত গগৈয়ে ডিব্ৰুগড় মেডিকেলত কলেজ হাস্পতালত ভৰ্তি হৈ থকাৰ পিছত কালি নিশা ন বজাত মেডিকেলতে শেষ নিশ্বাস ত্যাগ কৰে।

প্ৰয়াত গগৈয়ে মৃত্যুৰ সময়ত পত্নীৰ লগতে এজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান ইহসংসাৰত এৰি থৈ যায়। আনহাতে আজি ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সতীৰ্থ কৰ্মচাৰীসকলে প্ৰয়াত গগৈৰ আত্মাৰ সদগতি কামনা কৰি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

You might also like