নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমচৈ অঞ্চলৰ বিশিষ্ট নাগৰিক কনকলাল ৰাভাৰ ক’ভিড-১৯ত মৃত্যু

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰঃ আমচৈ অঞ্চলৰ বিশিষ্ট সমাজ সেৱক তথা বয়োজ্যেষ্ঠ নাগৰিক বেলতলা গাঁও নিৱাসী কনকলাল ৰাভাৰ আজি আবেলি ৪.২০ বজাত ক’ভিড-১৯ ত আক্ৰান্ত হোৱাৰ ফলত নগাঁৱৰ অসামৰিক চিকিৎসালয়ত মৃত্যু হয়।

পৰিয়াল সূত্ৰে জানিব পৰা মতে, মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১০৬ বছৰ। ক’ভিড-১৯ত আক্রান্ত হোৱা বুলি জানিব পাৰি যোৱা ১৮ চেপ্তেম্বৰত চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল। তেওঁ  আমচৈ অঞ্চলত বহুতো অনুষ্ঠান-প্ৰতিষ্ঠান প্রতিষ্ঠাৰ ক্ষেত্ৰত অৱদান ৰাখি থৈ গৈছে।

তেওঁ চহৰী গাঁও পঞ্চায়তৰ এসময়ত সভাপতি আছিল বাবে আমচৈ অঞ্চলৰ মানুহে  “প্রেচিডেণ্ট” নামেৰেই জানে। ক’ভিড-১৯ ত আক্ৰান্ত হৈ আমচৈ অঞ্চলত মৃত্যুবৰণ কৰা তেঁৱেই প্রথম ব্যক্তি। বিশিষ্ট সমাজ সেৱক, বয়োজ্যেষ্ঠ নাগৰিক কনকলাল ৰাভাৰ মৃত্যুত আমচৈ অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে। তেওঁৰ প্রতি সন্মান জনাই বেলতলা অঞ্চলৰ সকলো অনুষ্ঠান-প্ৰতিষ্ঠান ২৩ চেপ্তেম্বৰত বন্ধ থাকিব বুলি জানিব পৰা গৈছে।

You might also like