নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মূৰ্কংচেলেক শিক্ষা খণ্ডৰ মধুপুৰত পয়ালগা শিক্ষা ব্যৱস্থা; শূন্য আন্তঃগাঁথনি, ছাত্ৰ-ছাত্ৰীয়ে সেৱন কৰে অপৰিষ্কাৰ পানী

নিয়মীয়া বাৰ্তা ১৫ ছেপ্টেম্বৰঃ ধেমাজি জিলাৰ মূৰ্কংচেলেক শিক্ষা খণ্ডৰ  মিছামৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত মধুপুৰ অঞ্চলত আজিও শৈক্ষিক ক্ষেত্ৰৰ নূন্যতম আন্তঃগাঁথনি গঢ় লৈ উঠা নাই । মধুপুৰৰ চৰকাৰী-বেচৰকাৰী সকলো শিক্ষানুষ্ঠানৰে অৱস্থা পঁয়ালগা । বানপীড়িত, অতি অনগ্ৰসৰ অঞ্চলৰ কণ কণ ছাত্ৰ- ছাত্ৰী সকলে নিম্ন মানদণ্ডৰে অতি কষ্টকৰ মাজত দীৰ্ঘ বছৰ ধৰি  শিক্ষা গ্ৰহণ কৰি অহাৰ ফলত প্ৰকৃত শিক্ষা লাভৰ পৰা বঞ্চিত হৈ আহিছে ।

উল্লেখযোগ্য যে ১৯৯০ চনত প্ৰতিষ্ঠিত আৰু ১-১-২০১৩ তাৰিখে প্ৰাদেশীকৰণ হোৱা মধুপুৰ প্ৰাথমিক বিদ্যালয়খন এটা জৰাজীৰ্ণ গৃহতে পাঠদান চলাই আহিছে ।কেবাবছৰো পূৰ্বতে  টিনৰ চালিৰে সাজি উলিওৱা গৃহটো বৰ্তমান জহিখহি যাবলৈ আৰম্ভ কৰিছে। বছৰৰ সৰহভাগ সময়তে  উৎকট গৰমৰ বাবে পাঠদান চলোৱাত হাৰাশাস্তিৰ সৃষ্টি হৈ আহিছে বিদ্যালয়খনত ।কোনো শিক্ষণ সামগ্ৰী উপলব্ধ নথকা বিদ্যালয়খনত বিশুদ্ধ খোৱা পানী ব্যৱস্থাও তথৈবচ ।পৰিশোধন নকৰাকৈ দমকলৰ অপৰিষ্কাৰ আৰু আয়ৰণযুক্ত পানীকে সেৱণ কৰি আহিছে কণ কণ ছাত্ৰ ছাত্ৰীয়ে ।চৌহদ বেৰৰ কোনো ব্যৱস্থা নথকা মধুপুৰ প্ৰাথমিক বিদ্যালয়ৰ চৌহদৰ লগতে বিদ্যালয়ৰ ভেটিও বাৰিষাৰ বতৰত হৈ পৰে জলমগ্ন ।

চলিত শিক্ষাবৰ্ষত ৩৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি থকা মধুপুৰ প্ৰাথমিক বিদ্যালয়ৰ গৃহ নিৰ্মাণকে ধৰি শৈক্ষিক আন্তঃগাঁথনি শক্তিশালী কৰিবলৈ চৰকাৰ আৰু শিক্ষা বিভাগক দাবী জনাইছে বিদ্যালয় কৰ্তৃপক্ষই।ইপিনে অঞ্চলটোত অৱস্থিত ২ নং মধুপুৰ প্ৰাথমিক বিদ্যালয়ৰ পৰিৱেশো নিম্ন মানদণ্ডৰ । সৰ্বশিক্ষা অভিযানৰ শিক্ষা নিশ্চিত আঁচনিৰ অধীনত ২০০৬ চনতে মঞ্জুৰীকৃত ২ নং মধুপুৰ প্ৰাথমিক বিদ্যালয়ৰ গৃহটো বালিত দুফুটলৈ পোত গৈছে এইটো  বাৰিষাত দিখাৰী নদীৰ বানত ।লগতে বিদ্যালয়ৰ ৰান্ধনী ঘৰ,শৌচাগাৰটোৰ আধা অংশ পলস,বালিয়ে পুতি পেলাইছে ।আনহাতে  ১৯৯৪ চনত স্থাপিত মধুপুৰ কাঃপ্পুন মধ্য ইংৰাজী বিদ্যালয়খন যোৱা পাঁচ বছৰৰ আগতে দিখাৰী নদীৰ প্ৰলয়ংকাৰী বানত সম্পূৰ্ণ বিধ্বস্ত হয়।বানপীড়িত ৰাইজে বহু কষ্টেৰে বাৰে বাৰে  ৰূপালী জয়ন্তী বৰ্ষ গৰকা বিদ্যালয়খনৰ ঘৰ নিৰ্মাণ কৰি হতাশ হৈ পৰা দেখা গৈছে ।  দিখাৰী, পঃতে, ডেকা আদি নদীৰ বাঢ়নী পানীয়ে প্ৰতি বছৰে জুৰুলা কৰি অহা  অঞ্চলটোত যাতায়ত, স্বাস্থ্য, বিশুদ্ধ খোৱা পানী, পশু চিকিৎসা আদি অনেক জ্বলন্ত সমস্যাৰে জৰ্জৰিত হৈ আহিছে দীৰ্ঘ বছৰ ধৰি ।

বৰ্তমানলৈকে  এখনো উচ্চ মাধ্যমিক বিদ্যালয় প্ৰতিষ্ঠা নোহোৱা মধুপুৰৰ  এনেবোৰ সমস্যাৰ লগতে দেশৰ ভৱিষ্যতস্বৰূপ অঞ্চলৰ  কণ কণ ছাত্ৰ ছাত্ৰীয়েও প্ৰকৃত আৰু গুণগত শিক্ষা লাভৰ পৰা বঞ্চিত হবলগা হোৱাটো অতি দুৰ্ভাগ্যজনক বুলি সচেতন ৰাইজে মত প্ৰকাশ কৰিছে ।বানপীড়িত  মধুপুৰ অঞ্চলৰ প্ৰাথমিক শিক্ষাৰ পৰিবেশ উন্নীতকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ, জনপ্ৰতিনিধি আৰু শিক্ষা বিভাগক দাবী জনাইছে স্থানীয় ৰাইজে ।

You might also like