নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ হিমন্ত বিশ্ব শর্মাৰ মুখ্যমন্ত্রী হোৱাৰ যোগ্যতা আছে: পীয়ূষ হাজৰিকা

নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্লাজমা দান কার্যসূচীত সাংসদ পল্লৱলোচন দাসসহ অংশগ্রহণ কৰে ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকাই৷ এই কার্যসূচীৰ পাছতে সংবাদ মাধ্যমৰ আগত ৰাজ্যিক স্বাস্থ্যমন্ত্রী হাজৰিকাই কয়– মুখ্যমন্ত্রী হোৱাৰ যোগ্যতা আছে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ ২০ বছৰে এজন অতি সফল মন্ত্রী ড০ শর্মা৷ এই সন্দর্ভত দলে সিদ্ধান্ত গ্রহণ কৰিব আৰু বিধায়কসকলে গুৰুত্বপূর্ণ সিদ্ধান্ত ল’ব৷ ৰাজ্যিক স্বাস্থ্যমন্ত্রী হাজৰিকাই লগতে কয়– এই মুহূর্তত সর্বানন্দ সোণোৱাল মুখ্যমন্ত্রী হৈ আছে৷ গতিকে, আমি দ্বিতীয় কথা নাভাবোঁ, কিন্তু আকৌ কৈছোঁ সিদ্ধান্ত ল’ব দলে আৰু সিদ্ধান্ত ল’ব বিধায়কে৷

ইপিনে, সাংবাদিকৰ সন্মুখত মন্ত্রী হাজৰিকা, সাংসদ দাসে উভতি ধৰে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাক৷ তেওঁলোকে কয়– ৰিপুণ বৰাৰ মুখখনেই কয় কংগ্রেছৰ দুৰৱস্থাৰ কথা৷ কংগ্রেছৰ মানুহেই ৰিপুণ বৰাক বিশ্বাস নকৰে৷ ৰিপুণ বৰা হতাশাগ্রস্ত৷ এসপ্তাহত কিয় প্রতিদিনে আমি আঁচনি ঘোষণা কৰিম৷ আবোল–তাবোল বকি ৰিপুণ বৰা এদিন নোহোৱা হৈ যাব৷ কিয়নো আমি সপ্তাহত নহয় প্রতিদিনে আঁচনি ঘোষণা কৰিম আৰু সেই আঁচনি ৰূপায়ণো কৰিম৷ উল্লেখ্য যে   তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভাৰতীয় জনতা পার্টীৰ উদ্যোগত প্লাজমা দান কার্যসূচী অনুষ্ঠিত হৈছিল৷

You might also like