নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ অভিযান

নিয়মীয়া বাৰ্তা, ১৬ ছেপ্টেম্বৰঃ চিৰাং আৰক্ষীয়ে জিলা খনত নিষিদ্ধ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। এক অভিযানত এজন নিষিদ্ধ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে বহু পৰিমানৰ ড্ৰাগছ, নগদ ধন আৰু মোবাইল ফোনৰ উপৰি অন্যান্য সামগ্ৰী জব্দ কৰা বুলি চিৰাং জিলা আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। ঢালিগাঁও থানাৰ অন্তৰ্গত ছাতিপুৰ গাঁৱত জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) প্ৰকাশ মেধিৰ নেতৃত্বত চলোৱা অভিযানৰ সময়ত গাঁওখনৰে বাসিন্দা তথা প্ৰয়াত কুদ্দুছ আলীৰ পুত্ৰ য়াছিন আলী (২০) নমাৰ যুৱক জনক আৰক্ষীয়ে আটক কৰে। আটক কৰা যুৱক জনক আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী বুলি নিশ্চিত কৰাৰ লগতে স্থানীয় লোকৰ উপস্থিতিত ধৃত যুৱক জনৰ জিম্মাৰ পৰা ৯ টা ড্ৰাগছ ভৰ্তি প্লাষ্টিকৰ টেমা,নগদ ৫,৫৫০ টকা,এটা মোবাইল ফোন,এখন চাইকেল জব্দ কৰে।

আৰক্ষীয়ে ঘটনা সংক্ৰান্তত ঢালিগাঁও থানাত ২৩১/২০২০ নম্বৰত (U/S 22c NDPS Act.) গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। ধৃত যুৱক জনৰ স্বীকাৰোক্তি মৰ্মে অভিযানকাৰী দলে বিজনী মহকুমাৰ তথা বিজনী থানাৰ অন্তৰ্গত কাৱাটিকাত অন্য এজন নিষিদ্ধ ড্ৰাগছ সৰবৰাহকাৰীৰ বাসগৃহত অভিযান চলাই যদিও, আৰক্ষীৰ উপস্থিতিৰ পূৰ্বে ড্ৰাগছ সৰবৰাহকাৰী জনে পলায়ন কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে পলায়ন কৰা ড্ৰাগছ সৰবৰাহকাৰী জনৰ বাসগৃহত তালাচী চলাই ৬ টা নিষিদ্ধ ড্ৰাগছ ভৰ্তি প্লাষ্টিকৰ টেমা, ৫ টা খালী টেমা, নগদ ১৮,৪২০ টকা আৰু এটা মোবাইল ফোন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঘটনা সংক্ৰান্তত বিজনী থানাত ৩৩০/২০২০ নম্বৰত গোচৰ ৰুজু কৰিছে আৰু পলাতক ড্ৰাগছ সৰবৰাহকাৰী জনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে বুলি চিৰাং আৰক্ষী সূত্ৰই সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

উল্লেখ যোগ্য যে চিৰাং জিলাৰ বিজনী মহকুমাৰ কাৱাটিকাক একাংশ সমাজবিৰুধী লোকে বৰবিহ সদৃশ ড্ৰাগছৰ ঘাটিত পৰিণত কৰি চিৰাং জিলাৰ উপৰিও নামনিৰ বিভিন্ন জিলাত ৰমৰমীয়া ব্যৱসায় চলাই আছে। উল্লেখিত গাঁও খনৰ পৰা আৰক্ষীয়ে আজি পৰ্যন্ত বহু ব্যক্তিক নিষিদ্ধ ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ অপৰাধত আটক কৰাৰ লগতে বহু পৰিমানৰ ড্ৰাগছ তথা নিচাযুক্ত নিষিদ্ধ টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছে।

You might also like