নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাৱধান ! বিহপুৰীয়াত ফেচবুক সাংবাদিক আটক

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ ৰাজ্যৰ বিভিন্ন প্রান্তত ফেচবুক পেজত এচামে আৰম্ভ কৰিছে সাংবাদিকতা৷

সাংবাদিকতাৰ সকলো নীতি–নিয়ম জলাঞ্জলি দি ফেচবুক পেজৰ জৰিয়তে আৰম্ভ কৰা এই সাংবাদিকতাই এতিয়া জলাকলা খুৱাইছে সর্বসাধাৰণক৷ বাতৰিৰ নামত হকে–বিহকে ভিডিঅ’ আপলোড কৰি সাংবাদিকতাৰ মান অৱনমিত কৰা এইসকল ফেচবুক সাংবাদিকৰ বিৰুদ্ধে লখিমপুৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান৷ কালি বিহপুৰীয়া আৰক্ষীৰ জালত পৰে নিউজ টু ডে এন ই নামৰ ফেচবুক পেজটোৰ তিনি তথাকথিত সাংবাদিক ৷

ধর্ষিতা শিশু আৰু কিশোৰ ধর্ষণকাৰীৰ নাম আৰু ফটো প্রচাৰ কৰাৰ বাবে আৰক্ষীয়ে গ্রেপ্তাৰ কৰে ফেচবুক পেজটোৰে জডিত তিনি যুৱকক ৷ বিহপুৰীয়া আৰক্ষী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া হিৰণ্য পাটৰে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি গ্রেপ্তাৰ কৰা তিনি ফেচবুক সাংবাদিক হ’ল ক্রমে মুফতাহিজুৰ ৰহমান, ছফিউল হুছেইন আৰু ছৈয়দ আইনুৰ ৰহমান৷

You might also like