নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কালাতলীত বন বিভাগৰ অভিযান অবৈধ কাঠফলা মেচিন জব্দ

নিয়মীয়া বাৰ্তা, ১৩ আগষ্ট : পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত কালাতলী পথাৰত আজি দিনৰ প্ৰায় ১২ বজাত বামুণীগাঁও বনাঞ্চলিক কাৰ্যালয়ৰ বন সুৰক্ষা বিষয়া লক্ষেশ্বৰ দাসৰ নেতৃত্বত বন বিভাগৰ এটি দলে চোৰাং কাঠ ফলা মেচিনৰ বিৰুদ্ধে অভিযান চলাই এটা কাঠ ফলা মেচিন, সা-সঁজুলি আৰু অবৈধ কাঠ কঢ়িওৱা দুখন ঠেলা জব্দ কৰে । জানিব পৰা মতে, কালাতলী পথাৰত আজি প্ৰায় ৪ বছৰ আগৰ পৰাই চবুৰ আলী নামৰ লোকজনে অবৈধ কাঠ সৰবৰাহ কৰাৰ লগতে কাঠ ফালি বিভিন্ন ঠাইলৈ সৰবৰাহ কৰিছিল । আজি বন বিভাগে অভিযান চলাই কালাতলী পথাৰত অবৈধ কাঠ ফলা মেচিনৰ লগতে ঠেলা জব্দ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে অবৈধ ব্যৱসায় চলাই থকা মেচিনৰ গৰাকী চবুৰ আলী সম্প্ৰতি পলাতক হৈ আছে । জব্দ কৰা মেচিন সহ ঠেলা দুখন বামুণীগাঁও বন বিভাগৰ কাৰ্যালয়লৈ লৈ অহা বুলি জানিব পৰা গৈছে ।

You might also like