নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাক্তন মন্ত্রী ৰকিবুলৰ ফার্ম হাউছত যুৱতীক দলবদ্ধ ধর্ষণ

নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ হোজাই জিলাৰ ডবকাৰ সৰুপথাৰস্থিত প্রাক্তন কংগ্রেছী মন্ত্রী ৰকিবুল হুছেইনৰ ফার্ম হাউছত সংঘটিত হৈছে এক পৈশাচিক ঘটনা৷ ফুচুলাই মাতি নি নিশা কেইজনমান লম্পটে এগৰাকী অসহায় যুৱতীক দলবদ্ধ ধর্ষণ কৰে প্রাক্তন মন্ত্রী হুছেইনৰ ফার্ম হাউছত৷ যোৱা ২  ছেপ্টেম্বৰৰ নিশা সংঘটিত এই নাৰকীয় ঘটনা অতি শেহতীয়াকৈ পোহৰলৈ আহিছে৷ জানিব পৰা মতে, যমুনামুখৰ আত্মীয়ৰ ঘৰলৈ যোৱাৰ বাবে গাড়ীৰ অপেক্ষাত ৰৈ আছিল যুৱতীগৰাকী৷ কিন্তু লম্পটৰ দলটোৱে অসহায় যুৱতীগৰাকীক ফুচুলাই লৈ যায় প্রাক্তন মন্ত্রী হুছেইনৰ ফার্ম হাউছলৈ৷ তাতেই যুৱতীগৰাকীক নির্মমভাৱে প্রহাৰ কৰাৰ লগতে হাত–ভৰি বান্ধি লম্পটকেইজনে দলবদ্ধভাৱে ধর্ষণ কৰে৷ কু–কর্ম সংঘটিত কৰাৰ পাছত মুমূর্ষু যুৱতীগৰাকীক নৰপিশাচৰ দলটোৱো মাজনিশা ৰাষ্ট্রীয় ঘাইপথত পেলাই থৈ যায়৷ পাছত এজন চালকে অসহায় যুৱতীগৰাকীক উদ্ধাৰ কৰি চিকিৎসা প্রদানৰ ব্যৱস্থা কৰে৷ বর্তমানেও মৃত্যুৰ সৈতে যুঁজি আছে ধর্ষণৰ বলি হোৱা যুৱতীগৰাকী৷

অৱশ্যে এই জঘন্য ঘটনাৰ মূল অভিযুক্ত তাজ উদ্দিনক কালি নিশা প্রাক্তন মন্ত্রী হুছেইনৰ ফার্ম হাউছৰ পৰা ডবকা আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ অসহায় যুৱতীগৰাকী ধৃত তাজ উদ্দিনৰ ভাতৃৰ সহপাঠী আছিল৷ সেই সূত্রেই তাজ উদ্দিনে গাড়ীৰ বাবে অপেক্ষাৰত যুৱতীগৰাকীক ফুচুলাই লৈ আহিছিল প্রাক্তন মন্ত্রী হুছেইনৰ ফার্ম হাউছলৈ৷ ফার্ম হাউছতেই তাজ উদ্দিনে কেইজনমান বন্ধুৰ সৈতে অসৎ কার্য চৰিতার্থ কৰে৷ উত্থাপিত অভিযোগ অনুসৰি যমুনামুখৰ ডেকেৰুৱা গাঁৱৰ বাসিন্দা তথা প্রাক্তন মন্ত্রী হুছেইনৰ অতি ঘনিষ্ঠ তাজ উদ্দিন এজন কুখ্যাত বন মাফিয়া৷ প্রাক্তন মন্ত্রী হুছেইনৰ ফার্ম হাউছত থাকিয়েই তাজ উদ্দিনে বন ধ্বংস চলাই আহিছিল৷ আৰক্ষীয়ে ঘটনাত জড়িত আন নৰপিশাচকেইজনৰ সন্ধানত ইতিমধ্যে অভিযান আৰম্ভ কৰিছে৷ অসহায় যুৱতীগৰাকীৰ ওপৰত নির্যাতন চলাই ধর্ষণ কৰা আটাইকেইজনকে শীঘ্রে গ্রেপ্তাৰ কৰি ফাঁচিকাঠত ওলমোৱাৰ দাবী উত্থাপন কৰিছে স্থানীয় বিভিন্ন দল–সংগঠনে৷

উল্লেখ্য যে হোজাই জিলাত ধাৰাবাহিকভাৱে এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে৷ যমুনামুখৰ শিক্ষয়িত্রী অর্ণমাই বৰাৰ ধর্ষণ–হত্যাকাণ্ড, ডবকাৰ বনাঞ্চলত এগৰাকী বিবাহিত মহিলাক দলবদ্ধ ধর্ষণ আৰু তাৰ ভিডি’ সামাজিক মাধ্যমত প্রচাৰ তথা শেহতীয়াকৈ যোৱা ১৬ জুনত ভেলুগুৰিত এগৰাকী আদিবাসী যুৱতীক ধর্ষণৰ পাছত অগ্ণিসংযোগ কৰি হত্যা কৰা হৈছিল৷ এই পৈশাচিক কাণ্ডসমূহৰ চাঞ্চল্য মাৰ নৌযাওঁতে জিলাখনত পুনৰ সংঘটিত অনুৰূপ ঘটনাটোৱে কার্যতঃ লজ্জানত কৰিছে সভ্য সমাজক৷

You might also like