নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত পোষণ মাহৰ শুভাৰম্ভ অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰঃ নগাঁও জিলা উপায়ুক্তৰ সভাকক্ষত আজি অনুষ্ঠিত হয় পোষণ মাহ ২০২০ৰ শুভাৰম্ভ অনুষ্ঠান। নগাঁও জিলাৰ উপায়ুক্ত কবিথা পদ্মনাভনে পোষণ মাহৰ মাহজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। উপায়ুক্তগৰাকীয়ে পোষণ মাহৰ কাৰ্যসূচীসমূহ সফল কৰি তুলিবলৈ ইয়াৰ লগত জড়িত বিষয়া-কৰ্মচাৰীসকলক আহ্বান জনায়।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই নিজৰ ভাষণত কয়- গৰ্ভৱতী মহিলা আৰু শিশুক পুষ্টিকৰ আহাৰ প্ৰদান কৰাটো নিশ্চিত কৰিব লাগিব। জিলাখনৰ সৰ্বত্ৰতে গৰ্ভৱতী মহিলা আৰু শিশু‌সকলে যাতে পুষ্টিহীনতাত ভুগিব লগা নহয়, তাৰ প্ৰতি সজাগতা সৃষ্টি কৰাৰ লগতে বিভাগীয়ভাৱে সকলো পদক্ষেপ গ্ৰহণ কৰিব লাগিব।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুযায়ী সমাজ কল্যাণ বিভাগৰ জৰিয়তে আৰু ইয়াৰ লগত জড়িত আন আন বিভাগৰ সহযোগত এই মাহটো পোষণ মাহ হিচাপে পালন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। শাক-পাচলি, ফল-মূলৰ পৰা আমাৰ দেহৰ বাবে বিভিন্ন ভিটামিন লাভ কৰোঁ, সেয়ে এইবাৰ এই পোষণ মাহত অংগনৱাড়ী কেন্দ্ৰসমূহত বিভিন্ন ফল-মূল, শাক-পাচলি গজোৱাৰ বাবে, কিটচেন গাৰ্ডেন তৈয়াৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

আজিৰ এই অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত দুতিভা বৰা, জিলা সমাজ কল্যাণ বিষয়া দীনেশ চন্দ্ৰ দাস, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ অতুল চন্দ্ৰ পাটৰ, বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰবীণ চন্দ্ৰ শৰ্মা‌, জনসংযোগ বিষয়া সমৰ কলিতা আদিয়ে অংশগ্ৰহণ কৰে। পোষণ মাহৰ লগত সংগতি ৰাখি নগাঁও চহৰৰ শিৱস্থান প্ৰাথমিক বিদ্যালয়ৰ অংগনৱাড়ী কেন্দ্ৰত নগাঁও আৰবান সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া লক্ষী বৰাই বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে।

You might also like