নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজান ছোৱালী মহাবিদ্যালয়ত ৪ খনকৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱেব সন্মিলন সম্পন্ন

নিয়মীয়া বাৰ্তা, ১৪ আগষ্ট: নাৰী উচ্চশিক্ষাৰ বাটকটীয়াস্বৰূপ দুলীয়াজান ছোৱালী মহাবিদ‍্যালয়ে অলপতে কেইবাখনো ৰাষ্ট্ৰীয়-আন্ত:ৰাষ্ট্ৰীয় পৰ্য‍্যায়ৰ ৱেব সন্মিলন আয়োজন কৰি মহাবিদ্যালয়খনৰ বৌদ্ধিক দিশত এক পৰম্পৰা সৃষ্টি কৰিছে। যোৱা ৮ জুলাইত মহাবিদ্যালয়খনৰ গ্ৰন্হাগাৰৰ উদ‍্যোগত ৱেবৰ সাংস্কৃতিক মঞ্চত আয়োজন কৰা হৈছিল অসমৰ এগৰাকী বিশিষ্ট তথা বহুভাষিক কবি ৰাজুমণি শইকীয়াৰ সৈতে এক অন্তৰংগ আলাপ।
২২ জুলাইত মহাবিদ্যালয়ৰ গ্ৰন্হাগাৰ আৰু IQACৰ যুটীয়া উদ‍্যোগত অনুষ্ঠিত হয় নেশ‍্যনেল ডিজিটেল লাইব্ৰেৰী অৱ ইণ্ডিয়া, নৰ্থ ইষ্ট ৰিজিঅ’নেল চেন্টাৰ বিষয়ক এক সজাগতা আৰু প্ৰশিক্ষণমূলক অনুষ্ঠান। এই অনুষ্ঠানত সমল ব‍্যক্তিৰূপে অংশগ্ৰহণ কৰে এন ডি এল আই-এন ই আৰ চি-ৰ মুখ‍্য আহ্বায়ক তথা আই আই টি গুৱাহাটীৰ গ্ৰন্থাগাৰিক তমল কুমাৰ গুঢ় আৰু প্ৰকল্প বিষয়া ফুলস্মিতা নাথ।
২৮ জুলাইত মহাবিদ্যালয়ৰ ইংৰাজী বিভাগ আৰু IQAC ৰ যুটীয়া উদ‍্যোগত অনুষ্ঠিত হয় “Regulation and mobility and the precarious subject” আৰু “Higher education responses to Covid-19” শীৰ্ষক এই দুই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱেব সন্মিলন। মাচাচুছেটচৰ হলিয়ক কলেজৰ বুৰঞ্জী বিভাগৰ সহকাৰী অধ‍্যাপক ড৹ অভিলাষ মেধি আৰু বষ্টনৰ নৰ্থ ইষ্টাৰ্ণ ইউনিভাৰ্চিটীৰ ইলেকট্ৰনিক এণ্ড কম্পিউটাৰ ইঞ্জিনীয়াৰ বিভাগৰ সহযোগী অধ‍্যাপক ইৰাজ মেধীয়ে আলোচনা চক্ৰৰ বিষয়বস্তুৰ ওপৰত তথ‍্যসমৃদ্ধ বক্তব্য আগবঢ়ায়।
আনহাতে ৭ আগষ্টত মহাবিদ্যালয়ৰ সমাজবিজ্ঞান, ৰাজনীতি বিজ্ঞান আৰু IQAC ৰ যুটীয়া উদ‍্যোগ আৰু আই চি টিৰ সহযোগিতাত “Global pandemic and social impact on Industries” শীৰ্ষক বেৱ সন্মিলনখন অনুষ্ঠিত হয় । ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই বেৱ সন্মিলনখনত Allsec technology ৰ learing and development ৰ জ‍্যেষ্ঠ প্ৰৱন্ধক মনোজ গ্ৰেগৰী আৰু Magzter digital Pvt.ltd ৰ জ‍্যেষ্ঠ প্ৰৱন্ধক ৰীজ ইমানুৱেল সমল ব‍্যক্তিৰূপে উপস্থিত থাকে । এই অনুষ্ঠানটি আঁত ধৰে আই চি টিৰ একাডেমীৰ সমন্বয়ক সমৰেন্দ্ৰ বৰুৱাই।

You might also like