নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগীৰোডত মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ এটা ডকাইত

নিয়মীয়া বাৰ্তা, ১৩ আগষ্টঃ স্বাধীনতা দিবসলৈ মাজত মাথোঁ এটা দিন বাকী থকা অৱস্থাত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ড০ নন্দ সিং বৰকলা আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱাৰ নেতৃত্বত চলা এক অভিযানত আৰক্ষীৰ অভিযানকাৰী দলে জাগীৰোডত এক বৃহ ডকাইতৰ ঘটনা ৰোধ কৰিবলৈ সক্ষম হোৱাৰ লগতে এটা ডকাইত আৰু এটা ইটালীত নিৰ্মিত নাইন এম এম পিষ্টল ,গুলি আৰু কিছু অপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়।

উলেখ্য গ্ৰেপ্তাৰ হোৱা ডকাইততোৰ নাম ৰাজেশ মণ্ডল, ঘৰ গুৱাহাটী মহানগৰীৰত। ঘটনা সম্পৰ্কে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলাই কয় যে এই অপৰাধী চক্ৰটোৱে দীর্ঘ দিন ধৰি এ টি এম চুৰি ,ডকাইতি আদি ঘটনাত জড়িত হৈ থকাৰ খবৰ আৰক্ষীৰ হাতত আছিল আৰু কালি এক বিশেষ খবৰৰ ভিত্তিত আৰক্ষী অধীক্ষক গৰাকীয়ে নিজেই নেতৃত্ব দি আৰক্ষীৰ এটা দল লৈ নিশা খাপ পিটি আছিল।

অৱশেষত দুখন গাড়ীৰে ৬জনীয়া ডকাইতৰ দলটোৱে জাগীৰোড নগৰৰ এখন সোণাৰীৰ দোকানত প্ৰৱেশ কৰাৰ চেষ্টা কৰি থকা অৱস্থাতে মৰিগাঁও আৰক্ষীয়ে অভিযান চলাই ৰাজেশক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও বাকী কেইজন পলাই যাবলৈ সক্ষম হয়। উল্লেখ্য উক্ত দলটোৱে ৪৫ লাখ টকাৰ বিনিময়ত সোণ হস্তান্তৰ কৰাৰ প্ৰলোভন দি ডকাইতিৰ পৰিকল্পনা কৰিছিল। কিন্তু প্ৰশ্নটো হৈ যে দুখন গাড়ীত অস্ত্ৰ শস্ত্ৰৰে সজ্জিত হৈ নৈশ সান্ধ্য আইন চলি থকাৰ মাজতে মহানগৰীৰ আৰক্ষীৰ নিৰাপত্তা বেহু ভেদ কৰি জাগীৰোডত উপস্থিত হ’ব পৰাৰ ঘটনাই মহানগৰ আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাক লৈ প্ৰশ্নৰ উঠিছে। মৰিগাঁও ৰ আৰক্ষী অধীক্ষক ৰ তৎপৰতা নোহোৱা হলে এক ভয়ংকৰ ডকাইতি কাণ্ডৰ আশংকা কৰা হৈছে।

You might also like