নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাই-চিমেন চাপৰিত বড়ো দল-সংগঠনৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰঃ জোনাই-চিমেন চাপৰিত সংযুক্ত বড়ো গণ মঞ্চৰ নেতৃত্বত কেইবাটাও দল সংগঠনে ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে৷ সংযুক্ত বড়ো গণ মঞ্চই দীৰ্ঘ বছৰ ধৰি বিটিএডিৰ বাহিৰৰ অসমৰ একৈশখন জিলাত বসবাস কৰা দহ লক্ষ্যাধিক বড়ো জনগণৰ বাবে বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠনৰ দাবী জনাই আহিছে।

কংগ্ৰেছৰ তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষৰটো কাৰ্যকালৰ অন্তিমখন কেবিনেটত বিটিএডি বাহিৰৰ বড়ো সকলৰ বাবে বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠনৰ দাবীক অনুমোদন জনোৱা হয়। পৰবৰ্তী সময়ত সৰ্বানন্দ সোনোৱাল নেতৃত্বৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ কেবিনেটত বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠনৰ বিষয়টো গ্ৰহণ কৰে। আনহাতে ২৭ জানুৱাৰী, ২০২০ নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ ,এবছু, এনডিএফবিৰ চাৰিওটা গোট আৰু সংযুক্ত বড়ো গণ মঞ্চৰ মাজত সম্পাদিত হোৱা তৃতীয় বড়ো শান্তি চুক্তি বিটিআৰৰ ৫ নং ধাৰাৰ
৫.১ দফাত বিটিএডিৰ বাহিৰৰ অসমৰ বড়ো সকলৰ বাবে সুকীয়া স্বায়ত্ত শাসনৰ ব্যৱস্থা সন্নিবিষ্ট আছে।

বিটিআৰ চুক্তি সম্পাদিত হোৱা সাত মাহ উকলি যোৱাৰ পিছত সদ্য সমাপ্ত অসম বিধানসভাৰ ৰ্বষাকালীন অধিবেশনত বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠনৰ বাবে অসম চৰকাৰে তৎপৰতা গ্ৰহণ কৰিছিল ।কিন্তু দুৰ্ভাগ্যজনক কথাটো হ’ল যুগ যুগ ধৰি সাংবিধানিক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ অহা বিটিএডিৰ বাহিৰৰ বড়ো সকলৰ ৰাজনৈতিক, শৈক্ষিক, আৰ্থ-সামাজিক, সাংস্কৃতিক, ভূমিৰ অধিকাৰ আদিৰ সুৰক্ষাৰ বাবে গঠন হবলগা বহু প্ৰত্যাশিত বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠনৰ দিশত শেহতীয়াকৈ হেঙাৰ হিচাপে থিয় দিলে অসম চৰকাৰৰ সহযোগী বিপিএফ দলে।

বিপিএফ দলৰ এনে কাৰ্য্যৰ বাবে সংযুক্ত বড়ো গণ মঞ্চই বিপিএফৰ মূৰব্বী হাগ্ৰামা মহিলাৰী,বিপিএফৰ নেতা তথা ভৈয়াম জনজাতি উন্নয়ন মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু বিপিএফৰ নেত্ৰী, অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ প্ৰতিকৃতি দাহ কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ পিছত আজি ইউবিপিঅৰ উদ্যোগত আৰু অন্যান্য বড়ো সংগঠনৰ সহযোগত আজি বিটিএডিৰ বাহিৰৰ বিভিন্ন বড়ো অধ্যুষিত অঞ্চলত শীঘ্ৰে বড়ো কছাৰী কল্যাণ স্বায়ত্ত পৰিষদ গঠনৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

ধেমাজি জিলাৰ চিমেন চাপৰিটো আজি ইউবিপিঅৰ পূব সানজাৰি নৌগৌৰ, পশ্চিম সানজাৰি নৌগৌৰ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু চিমেন এবছু, আবৌফ, বড়ো সাহিত্য সভা, অবিভক্ত লক্ষীমপুৰ জিলা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ সহযোগত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চিমেন চাপৰিৰ জুবিলী চাৰিআলিত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰায় তিনি শতাধিক প্ৰতিবাদী ৰাইজৰ উপস্থিতিত ৰূপায়ণ কৰা ধৰ্ণা কাৰ্যসূচী বিয়লি চাৰি বজাৰ পৰা আৰম্ভ হৈ এঘন্টা ধৰি ৰূপায়ণ কৰা হয়। প্ৰতিবাদী ৰাইজে হাতে হাতে বেনাৰ, প্লে কাৰ্ড লৈ হাগ্ৰামা মহিলাৰী গ’ বেক, চন্দন ব্ৰহ্ম গ’ বেক, বিপিএফ গ’ বেক, বিপিএফ হায় হায়, ইউবিপিঅ জিন্দাবাদ, এবছু জিন্দাবাদ, শীঘ্ৰে বিকেএচি প্ৰদান কৰক, ন’ বিকেএচি ন’ ৰেষ্ট আদি শ্ল’গান আওৰাই জোনাই- চিমেন চাপৰিৰ আকাশ বতাহ কপাই তোলে। ধৰ্ণা কাৰ্যসূচীত উপস্থিত থাকি ধেমাজি ইউবিপিঅৰ সাধাৰণ সম্পাদক দিপাঙ্কৰ নাৰ্জাৰীয়ে বিপিএফৰ মূৰব্বী হাগ্ৰামা মহিলাৰীয়ে জাতিৰ নামত ৰাজনৈতিক ব্যৱসায় বন্ধ কৰিবলৈ সকীয়াই দিয়ে । সমগ্ৰ অসমৰ বড়ো জাতিৰ প্ৰবল আন্দোলনৰ ফলশ্ৰতিত ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰ,অসম চৰকাৰ আৰু বিএলটিৰ মাজত স্বাক্ষৰিত হোৱা বিটিচি চুক্তি অনুসৰি কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাক সামৰি বিটিএডি গঠন কৰা হল যদিও অসমৰ একৈশখন জিলাত বসবাস কৰা দহ লক্ষ্যাধিক বড়ো জনগণ বিটিএডিৰ আওতাৰ বাহিৰত ৰৈ গ’ল।

বিটিএডিৰ বাহিৰৰ বড়ো সকলৰ ৰাজনৈতিক, আৰ্থ-সামাজিক, শৈক্ষিক, সাংস্কৃতিক আদি দিশৰ উত্তৰণৰ বাবে শীঘ্ৰে নিৰ্বাচনৰ সময়ত বিজেপি দলে দিয়া প্ৰতিশ্ৰুতি অনুসৰি শীঘ্ৰে বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদ গঠন কৰিবলৈ চৰকাৰক দাবী জনায়। প্ৰতিবাদী কাৰ্যসূচীত ইউবিপিঅৰ ধেমাজি জিলা সমিতিৰ সভাপতি মনোৰঞ্জন বসুমতাৰী, সম্পাদক অশোক দৈমাৰী, সাংগঠনিক সম্পাদক অনিৰাম ওৱাৰী, তৰণী বসুমতাৰী, জোনাই আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক অশোক বসুমতাৰী, ধেমাজি জিলা আবৌফৰ সভানেত্ৰী ফুলেশ্বৰী দৈমাৰী, জোনাই আঞ্চলিক আবৌফৰ সভানেত্ৰী বাইলেং গয়াৰী, অবিভক্ত লক্ষীমপুৰ জিলা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ উপদেষ্টা বিউটি গয়াৰী, জোনাই প্ৰাইমাৰী প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ সভাপতি হিতেশ বড়ো , ধেমাজি জিলা ইউবিপিঅৰ উপ সভাপতি জোনাৰাম ব্ৰহ্ম, সহঃ সাধাৰণ সম্পাদক সন্তলা গয়াৰী, ধেমাজি জিলা আবৌফৰ সাধাৰণ সম্পাদিকা ভাৰতী ব্ৰহ্ম, চিমেন এবছুৰ সভাপতি সাইক্লন বসুমতাৰী, চিমেন আঞ্চলিক ব্ৰহ্ম ধৰ্ম সমিতিৰ ৰাখেব নাৰ্জাৰী, বড়ো সাহিত্য সভাৰ জোনাই জিলা সমিতিৰ সভাপতি সোণেশ্বৰ বসুমতাৰী, চিমেন আঞ্চলিকৰ সভাপতি মঙ্গলসিং মুছাহাৰী, সাধাৰণ সম্পাদক মনোজ বসুমতাৰী, চিমেন আঞ্চলিক আবৌফৰ সভানেত্ৰী সবিতা স্বৰ্গীয়াৰী,সাধাৰণ সম্পাদিকা মাধুৰী বসুমতাৰী,অবিভক্ত লখিমপুৰ জিলা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ উপ সভাপতি খগেন দৈমাৰী প্ৰমুখ্যে বহু সংখ্যক নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে। ইপিনে মধ্য জোনাই আঞ্চলিক ইউবিপিঅ,এবছু, আবৌফ ,বড়ো সাহিত্য সভাৰ উদ্যোগত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰদণ্ডী তিনিআলিত বড়ো কছাৰী কল্যাণ স্বায়ত্ত পৰিষদ গঠনৰ দাবীত ধৰ্ণা কাৰ্যসূচীৰূপায়ণ কৰা হয়। ডেৰ শতাধিক প্ৰতিবাদী ৰাইজৰ উপস্থিতিত ৰূপায়ণ কৰা ধৰ্ণা কাৰ্যসূচীৰ নেতৃত্বত থাকে ইউবিপিঅৰ ধেমাজি জিলা সমিতিৰ উপ সভাপতি ৰাতিৰাম বসুমতাৰী, মধ্য জোনাই আঞ্চলিক সমিতিৰ সভাপতি হৰি বসুমতাৰী, সাধাৰণ সম্পাদক সোমনাথ মহিলাৰী,মধ্য জোনাই এবছুৰ সভাপতি মুথুৰাজ মুছাহাৰী, সাধাৰণ সম্পাদক লিখন বড়ো, মধ্য জোনাই প্ৰাইমাৰী বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক ৰনেন বসুমতাৰী, মধ্য জোনাই আঞ্চলিক আবৌফৰ সাধাৰণ সম্পাদিকা মালতী গয়াৰীৰ লগতে ইউবিপিঅৰ  শতাধিক কৰ্মকৰ্তাই প্ৰতিকৃতি দাহ কাৰ্য্যসূচীত  অংশগ্ৰহণ কৰে৷

You might also like