নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত ব্ৰাউন চুগাৰ জব্দ, আটক দুজন

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰ ধেমাজি জিলা জোনাই মহকুমা আৰক্ষী থানা আৰু অৰুণাচল প্ৰদেশৰ ৱেষ্ট চিয়াং জিলাৰ আলৰ থানাৰ আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি মংগলবাৰে ৰাতি প্ৰায় ৯.৩০ বজাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ জোনকাৰেঙত ড্ৰাগছসহ দুজন যুৱকক আটক কৰে ৷ জোনাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভীমকান্ত পেগু আৰু অৰুণাচল প্ৰদেশৰ ৱেষ্ট চিয়াং জিলাৰ আলৰ থানাৰ আৰক্ষীৰ বিষয়া ৱাই ৰিৰামৰ যুটীয়া অভিযানত যোৱা আৰক্ষীৰ দলটোৱে অৰুণাচলৰ প্ৰদেশৰ আলত বিভিন্ন ঠাইত দীৰ্ঘদিনৰ পৰা ড্ৰাগছৰ বেপাৰ চলাই অহা জোনাই লাইমেকুৰী বৈকুণ্ঠপুৰ নৱজ্যোতি কামান,(৩৮)ৰ পিতা ভৱজ্যোতি কামান নামৰ ড্ৰাগছ ব্যৱসায় জনক আগদিনাই আটক কৰি ৰাখিছিল৷ আজি পুনৰ অভিযান চলাই নৱজ্যোতি কামানক ফোনৰ বাৰ্তালাপ কৰাই অনুসৰণ কৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জোনকাৰেঙত আগুচি ধৰি তালাচী চলাওঁতে তিনিটা চাবোন বাকচত ভৰাই অনা প্ৰায় ৩৮.২০ গ্ৰাম ড্ৰাগছ খিনি ওলাই পৰে ৷ প্ৰাৰম্ভিক অৱস্থাত এইখিনি ব্ৰাউন চুগাৰ বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰি ইয়াৰ মূল্য লক্ষাধিক বুলি ব্যক্ত কৰে ৷যুৱকজনে নিজৰ নাম ভূপেন পেগু (৩৬) পিতা-স্বৰ্গীয় জীৱন পেগু শিৱসাগৰৰ কপাতলি মিছিং গাঁৱ, পো.অ মাধৱ নগৰ , থানা হালোৱাটিঙৰ বুলি জানিব দিছে ৷

উল্লেখযোগ্য যে যুৱক দুজনৰ লগত আৰু যুৱক জড়িত আছে বুলি ব্যক্ত কৰাৰ লগতে ড্ৰাগছখিনি শিৱসাগৰ আমগুৰিৰ পৰা সংগ্ৰহ কৰিছিল বুলি জানিবলে দিয়ে ৷ ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

You might also like