নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগুন ঘাটত বৃহৎ পৰিমাণৰ অৰুণাচলী বিলাতী সুৰা জব্দ, ধৃত দুজনক জে’ললৈ প্ৰেৰণ

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰঃ মাৰ্ঘেৰিটা মহকুমা আৱকাৰী বিভাগে সোমবাৰে অভিযান চলাই বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ কৰাৰ লগতে সুৰা ব্যৱসায়ত জড়িত দুজনকৈ লোকক আটক কৰিবলৈ সক্ষম হয়।

বিভাগীয় সূত্ৰৰ পৰা জানিব পৰা মতে, গোপন সূত্ৰৰ ভিত্তিত অৰুণাচলৰ পৰা বৃহৎ পৰিমাণৰ বিলাতী সুৰা অসমলৈ আনি থকাৰ তথ্য বিশেষ সূত্ৰে মাৰ্ঘেৰিটা আবকাৰী বিভাগে লাভ কৰি অসম-অৰুণাচল সীমান্তৰ লেখাপানী থানাৰ অধীনৰ জাগুন ঘাটত তালাচী চলাই কালি বিয়লি ৪-৩০ বজাত এ এছ ২৩ ডব্লিউ ৫৩৬৩ নম্বৰৰ এখন মাৰুতি ভানৰ পৰা বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয়।

সুৰাখিনি পৰিবহণত ব্যৱহৃত ভানসহ ৩৪৮টা অৰুণাচলী বীয়েৰ বটল, ২০৪টা হুইস্কি বটল জব্দ কৰিছে আবকাৰী বিভাগে। লগতে সুৰা ব্যৱসায়ৰ জড়িত থকা জাগুন পাৰ্বতিপুৰৰ বাসিন্দা সুখবিন্দৰ সিঙৰ পুত্ৰ বিকি সিং (২৬) আৰু জাগুন ৬ মাইলৰ বাসিন্দা জিতেন চেতিয়াৰ পুত্ৰ দীপ চেতিয়াক (২০) আটক কৰে।

ইপিনে আজি আটকাধীন লোকেইজনক মাৰ্ঘেৰিটা চক্ৰৰ আবকাৰী বিভাগৰৰ অধীনত ৭২/২০২০ নম্বৰৰ এক গোচৰ ৰুজু কৰি জেল-হাজোতলৈ প্ৰেৰণ কৰে। উল্লেখ যে দীৰ্ঘদিন ধৰি অৰুণাচলত সুৰাৰ এক ৰমৰমীয়া ব্যৱসায় লেখাপানী আৰক্ষী থানাৰ অধীনৰ জাগুন, টিপং আদি বিভিন্ন অঞ্চলৰ অব্যাহত আছে যদিও আৰক্ষী তথা আবকাৰী বিভাগে গোপন অংকৰ বুজাবুজিৰ বাবেই এনে অবৈধ বেহা ব্যাপক ৰূপত বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপন হৈছে।

You might also like