নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি চাপৰিত চুলাই ঘাটি উচ্ছেদ

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰঃ ঢকুৱাখনা মহকুমাৰ সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত ঢোলপেটা গাঁওৰ এঘৰত আৰু উজনি বাঁহপৰাৰ এঘৰত আজি মহকুমা আবকাৰী বিভাগে অতৰ্কিতে অভিযান চলাই বহু পৰিমাণৰ চুলাই মদ আৰু চুলাই মদ প্ৰস্তুত কৰিবলৈ গেলাই থোৱা গুৰ নষ্ট কৰিবলৈ সক্ষম হয় ৷

সোণাৰি চাপৰি অঞ্চলত অবৈধ চুলাই আৰু বিলাতী সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ বিষয়ে নিয়মীয়া বাৰ্তাত অলপতে প্ৰকাশ পোৱাৰ পিছতেই  আবকাৰী বিভাগে চলোৱা এই অভিযানত সাফল্য লাভ কৰিবলৈ সক্ষম হয় ৷ মহকুমা আবকাৰী বিভাগে আজি বিয়লি ঢোলপেটা গাঁওৰ মইনা বৰুৱাৰ ঘৰত অভিযান চলাই প্ৰায় ৪৫ লিটাৰ গেলাই থোৱা গুৰ আৰু ৯/১০ লিটাৰ চুলাই মদ নষ্ট কৰাৰ পিছতেই  উজনি বাঁহপৰাৰ শশী বৰুৱাৰ ঘৰত অভিযান চলাই ৫/৬ লিটাৰ চুলাই মদৰ লগতে প্ৰায় ২০ লিটাৰ  গেলাই থোৱা গুৰ নষ্ট কৰে ৷

 মদৰ প্ৰচলন বন্ধ কৰিবলৈ সোণাৰি চাপৰি অঞ্চলৰ একাংশ মহিলা সমিতি আৰু লাট গাঁওবুঢ়াই বিভিন্ন সময়ত দাবী জনাই অহাৰ সময়তে আবকাৰী বিভাগৰ আজিৰ এই কাৰ্যক লৈ অঞ্চলবাসীয়ে সন্তোষ প্ৰকাশ কৰিছে ৷

You might also like