নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিপাঝাৰৰ কছাৰীঝাৰবাসীৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান, বিধায়কে দিলে যন্ত্ৰচালিত নাও

নিয়মীয়া বাৰ্তা, ১৪ আগষ্ট: প্ৰতিশ্ৰুতি অনুসৰিয়েই ছিপাঝাৰৰ দক্ষিণ অঞ্চলৰ হাজৰিকাপাৰা আৰু দেৱানন্দ পঞ্চায়ত এলেকাৰ প্ৰায় ছয়-সাতখন গাঁৱৰ ৰাইজৰ কৃষিকাৰ্যত যাতায়াতৰ সুবিধাৰ্থে বিধায়ক বিনন্দ কুমাৰ শ‌ইকীয়াই প্ৰদান কৰিলে এখন যন্ত্ৰচালিত নাও। বৰলুইত সংলগ্ন মৰাসুঁতিৰ কছাৰীঝাৰ ঘাটত আজি এক অনুষ্টুপীয়া অনুষ্ঠানত বিধায়কগৰাকীয়ে নিজ হাতে ঘাট সমিতিৰ হাতত প্ৰদান কৰে যন্ত্ৰচালিত নাওখন। উল্লেখ্য যে চাপৰিৰ পৰা কৃষিকাৰ্য সম্পন্ন কৰি টুলুঙা নাৱেৰেই ঘৰলৈ উভতি আহোঁতে উক্ত ঘাটতেই সংঘটিত হোৱা নাও দুৰ্ঘটনাত বিগত বৰ্ষত কছাৰীঝাৰ গাঁৱৰ দুগৰাকীকৈ লোকে কৰুণভাৱে মৃত্যুক সাৱটি লৈছিল। জিলাজুৰি প্ৰতিক্ৰিয়া সৃষ্টি কৰা এই নাও দুৰ্ঘটনাৰ পিছতে স্হানীয় ৰাইজে উক্ত ঘাটত এখন দলং নিৰ্মাণৰ দাবী কৰাৰ লগতে দলং নিৰ্মাণ নোহোৱা পৰ্যন্ত যাতায়াতৰ বাবে যন্ত্ৰচালিত নাও প্ৰদানৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছিল। অৱশ্যে স্হানীয় বিধায়ক বিনন্দ কুমাৰ শ‌ইকীয়াই বিপদৰ সেই সময়ত ৰাইজৰ ওচৰত থিয় দিয়াৰ লগতে ৰাইজৰ সমস্যা সমাধানৰো প্ৰতিশ্ৰুতি ৰাখিছিল। অৱশ্যে ঘাটটোলৈ যোৱাৰ নিৰ্দিষ্ট পথৰ অভাৱৰ লগতে হ্ৰস্বকালীনভাৱে দলং নিৰ্মাণত কাৰিকৰী যথেষ্ট অসুবিধা থকাৰ বাবেই বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ সুবিধাৰ্থে এখন যন্ত্ৰচালিত নাও প্ৰদান কৰা হ’ব বুলি বিধায়কে প্ৰতিশ্ৰুতি ৰাখিছিল। উল্লেখযোগ্য যে হাজৰিকাপাৰা আৰু দেৱানন্দ অঞ্চলৰ ৰাইজৰ ব্ৰহ্মপুত্ৰৰ চাপৰিৰ লগত আছে বিশেষ সম্বন্ধ। এশ শতাংশ‌ই খিলঞ্জীয়া বসতিপ্ৰধান উক্ত অঞ্চলৰ ৰাইজে প্ৰতিনিয়ত চাপৰিলৈকে যাতায়াত কৰে। মূলত: বিভিন্ন কৃষিকাৰ্য সম্পন্ন কৰে চাপৰিত। বেছিসংখ্যক লোকেই দৈনিক অহা-যোৱা কৰে যদিও কিছু সংখ্যকে ঘৰ-দুৱাৰ পৰ্যন্ত কৰি লৈছে। তেনে ক্ষেত্ৰত ব্ৰহ্মপুত্ৰ সংলগ্ন সুঁতিটোৰ লগত যাউতিযুগীয়া সম্পৰ্ক ৰাইজৰ। কিন্তু বিগত বৰ্ষত দুজনকৈ লোকৰ মৃত্যু হোৱাৰ পিছত পদে পদে ভয় আৰু শংকাৰ মাজেদি যাতায়াত কৰি আহিছিল।তেনেক্ষেত্ৰত বিধায়কে যন্ত্ৰচালিত নৌকাখন প্ৰদান কৰাত যথেষ্ট সন্তুষ্টি প্ৰকাশ কৰিছে ৰাইজে। ইফালে আজি স্হানীয় উদ্যোগী যুৱক অজিত ডেকাই আঁত ধৰা অনুষ্ঠানত নৌকাখন প্ৰদান কৰি বিধায়ক বিনন্দ কুমাৰ শ‌ইকীয়াই পোন্ধৰ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কছাৰীঝাৰৰ মাজেৰে মথাউৰি পৰ্যন্ত পথটি প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণ কৰা হ’ব বুলিও ঘোষণা কৰে। অনুষ্ঠানত ঘাট পৰিচালনা সমিতিৰ গহীন ডেকা, বাপধন ডেকা, সুৰেন্দ্ৰ ডেকা, লোকেশ্বৰ কলিতা, বসন্ত কলিতা আদিয়ে বক্তব্য ৰাখে।

You might also like