নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ মধুপুৰবাসী ৰাইজৰ

নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ ১১৪ নং জোনাই (জনজাতি)বিধানসভা সমষ্টিৰ মূৰ্কংচেলেক (জনজাতি)উন্নয়ন খণ্ডৰ মিছামৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত মধুপুৰ অঞ্চলত আজিও উন্নয়নৰ আন্তঃগাঁথনি নামমাত্ৰও নিৰ্মাণ হোৱা নাই  মধুপুৰ অঞ্চলত আজিও যাতায়ত, স্বাস্থ্য, বিশুদ্ধ খোৱা পানী, অনাময় আঁচনিৰ ব্যৱস্থাও হৈ উঠা নাই । মিছামৰা গাওঁ পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ বানপীড়িত মধুপুৰবাসীয়ে বছৰৰ বাৰমাহেই কষ্টকৰ জীৱন অতিবাহিত কৰি আহিছে।

ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ছয় কিলোমিটাৰ দূৰত্বত থকা বানবিধ্বস্ত মধুপুৰ অঞ্চলৰ শিক্ষাৰ্থী, ৰোগীৰ লগতে সৰ্বসাধাৰণ গঞা ৰাইজে খৰালি দিনতো বহু কষ্টৰে যাতায়ত কৰি অহাৰ লগতে বাৰিষাৰ বতৰত হাত নাৱেৰে দুৰ্বিষহভাবে যাতায়ত কৰিবলগীয়া হৈ আহিছে। স্বাস্থ্য সেৱা সুবিধাৰ পৰা বঞ্চিত মধুপুৰৰ ৰাইজে সকলো ধৰণৰ বেমাৰ-আজাৰত আক্ৰান্ত হলে ৰোগীক বছৰৰ ছমাহেই আদবাটলৈ নাওঁ আৰু ট্ৰেক্টৰৰ দ্বাৰাই চিকিৎসাৰ বাবে অন্য ঠাইলৈ অনা নিয়া কৰি আহিছে । বিশুদ্ধ খোৱা পানী যোগান আঁচনিৰ ব্যৱস্থা নথকা মধুপুৰৰ ৰাইজৰ মাজত অনাময় ব্যৱস্থা ৰূপায়ণ কৰা হোৱা নাই ।

মধুপুৰ গাঁৱৰ ১১২ টা পৰিয়ালত এটাও শৌচাগাৰ নিৰ্মাণ কৰা হোৱা নাই আজি পৰ্যন্ত। বছৰৰ ছমাহকালেই বানত বিধ্বস্ত হৈ থকা মধুপুৰত কেবাবছৰো আগতে বিজুলী-বাতিৰ যোগান ধৰিছে যদিও ঠিকাদাৰে বিভাগীয় নিয়ম অনুযায়ী পঞ্চাশ মিটাৰৰ পৰিবৰ্তে বহু দূৰত্বৰ ব্যৱধানত খুটাবোৰ পুতিলে । বৰ্তমানলৈকে বিদ্যুত বিভাগৰ কৰ্মচাৰীয়ে চোৱা- ছিটা নকৰাৰ ফলত বিদ্যুতৰ খুটাবোৰ বেকা হৈ গৈছে আৰু তাঁৰবোৰ হালি যাবলৈ ধৰাত পৰিস্থিতি বিপদাপন্ন হোৱাৰ দিশে গতি কৰিছে । এশ এবুৰি সমস্যাৰে জৰ্জৰিত মধুপুৰবাসীয়ে আজিও ভূমি পট্টনৰ পৰা বঞ্চিত হৈ আহিছে ।

যাৰ বাবে বিভিন্ন ধৰণৰ চৰকাৰী আঁচনিৰ সুবিধাৰ পৰাও দৃষ্টিকটূভাবে বঞ্চিত হবলগা হৈ আহিছে মধুপুৰবাসী ।উল্লেখ্য যে অঞ্চলত সুলভ মূল্যৰ দোকানী নথকা বাবে খৰালিটো অতি দুৰ্গম পথেৰে ছয় কিলোমিটাৰ আৰু বাৰিষাৰ সময়ত ওঠৰ কিলোমিটাৰ দূৰত্বৰ মিছামৰাৰ পৰা সুলভ মূল্যৰ চৰকাৰী খাদ্য সামগ্ৰী সংগ্ৰহ কৰিব লগা হৈ আহিছে মধুপুৰবাসীয়ে।

এশ এবুৰি সমস্যাৰে জৰ্জৰিত মধুপুৰৰ ৰাইজক প্ৰতিটো নিৰ্বাচনতে বিভিন্ন উন্নয়নৰ আঁচনি ৰূপায়ণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে জনপ্ৰতিনিধিসকলে ।কিন্তু বাস্তৱত সকলো ফুটুকাৰ ফেনত পৰিণত হৈছে বুলি ভূক্তভোগী ৰাইজে অভিযোগ উত্থাপন কৰিছে । অতি শীঘ্ৰেই মধুপুৰৰ বাট-পথ, বিশুদ্ধ খোৱা পানী, উন্নত বিদ্যুত সেৱা, অনাময় ব্যৱস্থা আদি জ্বলন্ত সমস্যাৰ সমাধানৰ ব্যৱস্থা নল’লে আগত দিনত আহি থকা নিৰ্বাচন বৰ্জনৰ সিদ্ধান্ত ল’ব বুলি মধুপুৰবাসীয়ে হুংকাৰ দিছে।

You might also like