নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰীয়া-মৰিয়া জনগোষ্ঠীৰ প্ৰতি চৰকাৰৰ প্ৰবঞ্চনাৰ প্ৰতিবাদত উত্তাল মৰিগাঁও চহৰ

নিয়মীয়া বাৰ্তা ১৫ ছেপ্টেম্বৰঃ অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্টী গৰিয়া মৰিয়া সকলৰ উন্নয়নৰ প্ৰতি চৰকাৰে অৱহেলা প্ৰদৰ্শন কৰাৰ প্ৰতিবাদত আজি উত্তাল হৈ পৰে মৰিগাঁও চহৰ । এই গৰিয়া মৰিয়া দেশী লোকসকলৰ সুকীয়া জৰিপৰ ব্যৱস্থা কৰিম বুলি প্ৰতিশ্ৰুতি দিও আজিকো পৰ্যন্তু কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বৰ্তমানৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰে ইয়াৰোপৰি বৰ্তমানৰ চৰকাৰখনে গৰিয়া মৰিয়া দেশী লোকসকলৰ উন্নয়নৰ নামত দিব লগীয়া ১০০ কোটি টকাৰ আজিও কোনো উমঘামেই নাই , গৰিয়া মৰিয়া লোকসকলৰ আৰ্থসামাজিক দিশৰ উন্নয়ন আৰু জৰিপৰ বিষয়বোৰৰ ওপৰত চৰকাৰক অতিসোনকালে দৃষ্টান্তুমূলক ব্যৱস্থা লবলৈ আজি সদৌ মৰিগাওঁ জিলা গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে এক মানৱ শৃংখল কাৰ্যসূচী গঢ়ি তীব্ৰ প্ৰতিবাদ কৰে। পূৱ বংগীয় মুছলমান লোকসকলৰ লগত খিলঞ্জীয়া গৰিয়া , মৰিয়া, দেশী লোকসকলক একাকাৰ নকৰিবলৈ সকীয়নী প্ৰদান কৰে !!!

আজি কাৰ্যসূচীত মৰিগাওঁ জিলা সমিতিৰ সভাপতি ইবাদুল আলীয়ে ভাষন প্ৰদান কৰি চৰকাৰক সকীয়নী প্ৰদান কৰে যে যদি অতি কম দিনৰ ভিতৰত যদি গৰিয়া মৰিয়া দেশী লোকসকলৰ সমস্যা সমাধান নকৰে তেনেহ’লে ইয়াতকৈ ভয়াবহ আন্দোলন গঢ়ি তুলিব । জিলা সমিতিৰ সাধাৰন সম্পাদক আৰিফ উদ্দিন আহমেদে কাৰ্যসূচী আত ধৰি অসমৰ গৰিয়া মৰিয়া দেশী লোকসকলৰ ইতিহাসৰ ওপৰত এক সুন্দৰ বক্তব্য ৰাখে ।

আজি কাৰ্যসূচীত মৰিগাওঁ জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি মুন ঠাকুৰীয়াৰ লগতে সঃঅঃ গঃমঃদেঃজাঃপঃ কেন্দ্ৰীয় সমিতিৰ সহঃ সম্পাদক আহছানুল হক , কেন্দ্ৰীয় জনগোষ্ঠীয় সম্পাদক মোৱাৰক আলীৰ লগতে জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপুল কুমাৰ নাথ আৰু যুৱ ছাত্ৰ পৰিষদৰ সভাপতি দ্বীপজ্যোতি বৈশ্য সাধাৰণ সম্পাদক মিৰ্জা আৰিফ আলম উপস্থিত থাকি গৰিয়া মৰিয়া দেশী জনগোষ্ঠীৰ সমস্যা সমূহ চৰকাৰে অতিশীঘ্ৰে সমাধান কৰিব লাগে বুলি বক্তব্য ৰাখে ।

You might also like