নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰলোভন-জালিয়াতিৰে ধন সংগ্ৰহৰ অভিযোগত সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ প্ৰাঃ সম্পাদক মাণিক দেৱনাথৰ বিৰুদ্ধে গোচৰ

নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ প্ৰাক্তন সম্পাদক মাণিক দেৱ নাথৰ বিৰুধে প্ৰলোভন আৰু জালিয়াতিৰে ধন সংগ্ৰহ কৰাৰ অভিযোগত গোচৰ ৰুজু কৰিছে সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদে। এই সন্দৰ্ভত আজি মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ প্ৰেক্ষাগৃহত পৰিষদৰ সভাপতি ৰাজেন ডেকা,সম্পাদক চন্দ্ৰকান্ত তালুকদাৰ,উপদেষ্টা বিৰিঞ্চি কুমাৰ শৰ্মা আদি কৰি কেইবাজনো পৰিষদৰ নেতৃত্বই আয়োজন কৰা সংবাদমেলত প্ৰাক্তন সম্পাদক মাণিক দেৱ নাথৰ বিৰুধে কেতবোৰ গুৰুত্ব পূৰ্ণ অভিযোগ উত্থাপন কৰে।

তেওঁলোকে কয় ভূৱা পৰিচয়ৰ জড়িয়তে মাণিক দেৱ নাথে প্ৰথমে মৰিগাঁও জিলা সমিতিত অন্তৰ্ভুক্ত হৈ পিছলৈ তেওঁ সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ সম্পাদকৰো দায়িত্ব বহন কৰিছিল। কিন্তু মাণিক দেৱ নাথে মৰিগাঁও জিলা প্ৰশাসনৰ পৰা জালিয়াতিয়ে শ্বহীদ পৰিয়ালৰ প্ৰমান পত্ৰ উলিওৱা কথা পোহৰলৈ অহাত বিগত ১০/১১/২০১৭ তাৰিখে পৰিষদৰ সাধাৰণ সদস্য পদৰ পৰা বহিস্কাৰ কৰে। ইয়াৰ পিছটো মাণিক দেৱ নাথে পৰিষদৰ নামত বিভিন্ন প্ৰলোভনৰে ধন সংগ্ৰহ কৰি থকা তথ্য লাভ কৰাত বিগত ১৬/০৯/২০২০ তাৰিখে মৰিগাঁও সদৰ থানাত সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ সভাপতি ৰাজেন ডেকাকে আদি কৰি প্ৰায় ৪ জন লোকে মৰিগাঁও সদৰ থানাত এক গোচৰ ৰুজু কৰে।

মৰিগাঁও সদৰ থানাত ৫৯২/২০২০ নং গোচৰৰ ১২০(বি)/৪১৯/৪২০/৩৮৭ আই পি চি /১৬ ধাৰাত গোচৰ পঞ্জিয়ন হোৱা বুলি উল্লেখ কৰে পৰিষদৰ নেতৃত্বই। তদুপৰি লক্ষীমপুৰ,কাৰ্বি আংলং,নগাঁও আদি পৰা প্ৰলোভনৰে পৰিষদৰ প্ৰাক্তন সম্পাদক মাণিক দেৱ নাথে ধন সংগ্ৰহ কৰিছিল সেই ধণ সমূহ সংগ্রহত সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ কোনো ৰচিদ বহী ব্যৱহাৰ কৰা নাই যদিও নাথৰ ব্যক্তিগত বেংক একাউন্টৰ জৰিয়তে বৃহৎ পৰিমানৰ ধন লেন দেন হোৱা বুলি অভিযোগ তুলি শীঘ্ৰেই প্ৰলোভন আৰু জালিয়াতিৰ অভিযোগত অভিযুক্ত প্ৰাক্তন পৰিষদৰ সম্পাদক জনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই।

You might also like