নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত অগ্নিকাণ্ডৰ ফলত লক্ষাধিক টকাৰ সা-সামগ্ৰী ভষ্মীভূত

নিয়মীয়া বার্তা, ৯ আগষ্ট : নগাঁও চহৰৰ হয়বৰগাঁৱৰ হনুমান মন্দিৰ সমীপত আজি পুৱা এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। জানিব পৰা মতে, হয়বৰগাঁৱৰ এছ এম এছ ৰোডত থকা ডি ডি কমাৰ্চিয়েল নামৰ ব্যক্তিগত দন্ত চিকিৎসালয় খনত পুৱাই জুইৰ সুত্ৰপাত ঘটে । পাছত চিকিৎসালয় খনত সংঘটিত এই অগ্নিকাণ্ড প্ৰত্যক্ষ কৰি এৰাংশ স্থানীয় ৰাইজে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে। প্ৰথম অৱস্থাত স্থানীয় ৰাইজে জুই নিৰ্বাপনৰ চেষ্টা কৰে যদিও পিছত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ।

এই অগ্নিকাণ্ডৰ ফলত প্ৰতিষ্ঠানখনৰ লক্ষাধিক টকাৰ মূল্যৰ সা-সম্পত্তি ভস্মীভূত হয়। অগ্নিকাণ্ডটোৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও স্থানীয় একাংশ লোকে এই অগ্নিকাণ্ডটো বৈদ্যুতিক শ্বৰ্ট শ্বাৰ্কিটৰ ফলত সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।

You might also like