নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভুল চিকিৎসাৰ বাবে শিশুৰ মৃত্যুকলৈ উত্তাল নলবাৰী

নিয়মীয়া বাৰ্তা ২৮ আগষ্টঃ  চিকিৎসকৰ গাফিলতিত এটি শিশুৰ মৃত্যুক কেন্দ্র কৰি উত্তাল হৈ পৰে নলবাৰী৷ অৱশেষত ভুক্তভোগীৰ পৰিয়ালে নলবাৰী সদৰ থানাত চিকিৎসকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে৷ চিকিৎসক ডাঃ ৰাকেশ জৈনৰ ভুল চিকিৎসাৰ অভিযোগ তুলি নলবাৰ থানাত এই গোচৰ ৰুজু কৰা হৈছে৷ ঘটনাৰ বিৱৰণী অনুসৰি, নলবাৰীৰ শংকৰপুৰৰ অনিল চন্দ্র ৰায় নামৰ লোক এজনে ডাঃ ৰাকেশ জৈনৰ বিৰুদ্ধে ৰুজু কৰে এই গোচৰ৷ অভিযোগ মতে, যোৱা ২২ আগষ্টৰ দিনা অনিল ৰায়ৰ কন্যা তানিস্থা কাশ্যপ (৪) ডায়েৰিয়াত আক্রান্ত হোৱাত নলবাৰীৰ চিকিৎসক ৰাকেশ জৈনৰ নিজৰ ব্যক্তিগত চেম্বাৰত দেখুৱায়৷ চিকিৎসকগৰাকীয়ে কিছু দৰৱ দি ঘৰলৈ পঠিয়াই দিয়ে তানিস্থাক৷

আনহাতে, অনিল চন্দ্র ৰায়ৰ আন এগৰাকী এঘাৰ মহীয়া পুত্র ধৃতিস্মান কাশ্যপ জ্বৰত আক্রান্ত হোৱাৰ বিপৰীতে আৰু তানিস্থা কাশ্যপ সুস্থ নোহোৱাত দুয়োগৰাকীকে পুনৰ ৰাকেশ জৈনৰ ব্যক্তিগত চেম্বাৰত দেখুৱায়৷ চিকিৎসকৰ পৰামর্শ মতে, ফুলেশ্বৰী নাছিং হোমত ভর্তি কৰায় যদিও ধৃতিস্মান কাশ্যপ ক’ভিড আক্রান্ত বুলি চিনাক্ত হোৱাত নলবাৰী চিভিল হাস্পটেলত চিকিৎসাধীন কৰা হয়৷ আনহাতে, তানিস্থাৰ কোনো ক’ভিড পৰীক্ষা নকৰাকৈয়ে ক’ভিড ওৱার্ডত ভর্তি কৰায় চিকিৎসকে৷ কোনো পৰীক্ষা নকৰাকৈয়ে তানিস্থাক এটি বেজি আৰু চেলাইন দিয়ে৷ হঁাহি মাতি থকা তানিস্থাক চেলাইন দিয়াৰ পিছতে কঁপিবলৈ ধৰে আৰু স্বাস্থ্যৰ দ্রুত অৱনতি হয়৷ তানিস্থাৰ অভিভাৱকে চিকিৎসক–নার্ছৰ পৰা সেই সময়ত সঠিক চিকিৎসা লাভ নকৰা বুলি অভিযোগ উত্থাপন কৰে আৰু তানিস্থাৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰে৷ কিন্তু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তো ক’ভিড পৰীক্ষা নকৰা বাবে উপযুক্ত চিকিৎসা সেৱা প্রদান কৰাৰ পৰা চিকিৎসক বিৰত থকাৰ লগতে নার্ছেও অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰে পৰিয়ালে৷

চিকিৎসক তথা নার্ছৰ চূডান্ত অৱহেলাৰ বাবে মৃত্যুমুখত পৰে তানিস্থা৷ গুৱাহাটী মেডিকেল কলেজত চিকিৎসকে নলবাৰীত ভুল চিকিৎসা হোৱা বুলি পৰিয়ালক অৱগত কৰে৷ এইদৰে চকুৰ সমুখতে তিলতিলকৈ এগৰাকী শিশুৰ মৃত্যু হোৱাত শোকত ভাগি পৰা পৰিয়ালে আজি নলবাৰীত চিকিৎসক ৰাকেশ জৈনৰ বিৰুদ্ধে অভিযোগ তুলি গোচৰ দিয়া কৰা ঘটনাই ব্যাপক চর্চা লাভ কৰে৷

You might also like