নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮৮ত ভৰি দিলে নীলমণি ফুকনে

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰঃ ‘পূর্ণতাৰ সপোন লৈয়ে সকলো এই পৃথিৱীলৈ আহে আৰু পূর্ণতা লৈয়ে ঘূৰি যায়৷’ –জীৱনৰ সাতাশী বছৰ অতিক্রমি আঠাশীত ভৰি দিয়াৰ সময়ত এইদৰেই নিজৰ মনৰ ভাব ব্যক্ত কৰিলে কাব্য–ঋষি নীলমণি ফুকনে৷

আজীৱন কাব্য সাধনাৰে অসমীয়া কবিতাক নতুন স্তৰলৈ উত্তৰণ ঘটোৱা ‘গোলাপী জামু লগ্ন’ কবিগৰাকীয়ে অৱশ্যে আজিও নিজকে ‘কবি’ বুলি চিনাকি দিবলৈ কুণ্ঠাবোধ কৰে৷

বৃহস্পতিবাৰে জন্মদিনৰ দিনটোত সেই কথাকে তেওঁ দোহাৰিলে৷ উল্লেখ্য যে ১৯৩৩ চনৰ কালিৰ দিনটোতে জন্ম হৈছিল স্বনামধন্য সাহিত্যিকগৰাকীৰ৷ সুকীয়া শৈলীৰে অসমৰ কাব্য জগতক সমৃদ্ধ কৰা কবিগৰাকীয়ে দেশ–বিদেশৰ উৎকৃষ্ট কবিতা অসমীয়ালৈ অনুবাদ কৰি আগবঢ়াই গৈছে অনবদ্য অনেক উপহাৰ৷ ১৯৯১ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰা কবিগৰাকী ‘পদ্মশ্রী’ উপাধিৰেও বিভূষিত হৈছে৷ ২০১৯ চনৰ ১৯ আগষ্টত তেওঁক গুৱাহাটী বিশ্ববিদ্যালয়ে ‘ডি লীট’ উপাধি প্রদান কৰে৷ ‘নৃত্যৰতা পৃথিৱী’ৰ কবিগৰাকীৰ দুখন আত্মজীৱনীমূলক গ্রন্থ হৈছে ‘পাতি সোণাৰুৰ ফুল’ আৰু ‘পাহৰিব নোৱাৰিলোঁ যি’৷ কালি ৮৭ সংখ্যক জন্মদিনত কবিগৰাকীক গুণমুগ্ধ–সুভাকাংক্ষী আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে৷

You might also like