নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘প্ৰদূষণমুক্ত অসম গঢ়াৰ লক্ষ্য, সম্পূৰ্ণ হৈ উঠিছে ৭ কোটি গছপুলি ৰোপণৰ কাম’

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰঃ অসম চৰকাৰৰ সেউজী অসম গঢ়াৰ লক্ষ্যৰে দহ কোটি গছপুলি ৰোপণৰ লক্ষ্য বান্ধি লোৱা ভিতৰত ইতিমধ্যে সাত কোটি গছপুলি ৰোপণৰ কাম সম্পূৰ্ণ হৈ উঠিছে। এই মন্তব্য অসম চৰকাৰৰ বন আৰু পৰিবেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ।

কেম্পা আঁচনিৰ অধীনত প্ৰায় বিশ লাখ টকা পুঁজিৰে বন বিভাগৰ দ্বাৰা ধেমাজি জিলাৰ জামজিং সংৰক্ষিত বনাঞ্চলৰ চিমেন চাপৰিত নিৰ্মাণ কৰি উলিওৱা সাহিত্য মনীষী উপবনখনৰ উদ্ধোধন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বন মন্ত্ৰী গৰাকীয়ে পুনৰ কয় অক্সিজেন নহ’লে
পানী সৃষ্টি কৰিব নোৱাৰি আৰু এই অক্সিজেন গছেই যোগান ধৰে বুলি উল্লেখ কৰি গছ নেথাকিলে পৃথিৱী ধ্বংস অনিবাৰ্য্য বুলি বক্তব্য আগবঢ়ায়।

অসমৰ মুখ্য বন সংৰক্ষক অৰবিন্দ মাধৱ সিঙে আদৰণি ভাষন আগবঢ়োৱা অনুষ্ঠানত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই লগতে আৰু কয়  অসম, উত্তৰ-পূব তথা সমগ্ৰ দেশতে বনাঞ্চল ধ্বংসৰ ফলত প্ৰাকৃতিক ভাৰসাম্যহীনতাৰ প্ৰতি অহা ভাবুকিৰ কথা অনুধাৱন কৰি কেম্পা আচঁনিৰ জৰিয়তে ইয়াৰ পূৰণ কৰিবলৈ পুনৰ বনাঞ্চল নিৰ্মাণত কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব আৰোপ কৰিছে বুলি কৈ এই প্ৰচেষ্টাৰ অংশ হিচাপে অসম চৰকাৰেও গছপুলি ৰোপণৰ কাম আন্তৰিকতাৰে হাতত লৈছে যাতে প্ৰদূষণমুক্ত অসম গঢ় দিব পাৰি বুলি বক্তব্য দাঙি ধৰে। অসমৰ মূল ভূখণ্ডৰ মুঠ মাটি কালিৰ এক তৃতীয়াংশ ভূমি বন বিভাগৰ যদিও অধিকাংশতে বেদখলৰ কবলত বুলি কৈ ইয়াৰ বিৰুদ্ধে বেদখলকাৰীক উচ্ছেদৰ ব্যৱস্থা হাতত লোৱা হৈছে বুলিও উল্লেখ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এইখন চৰকাৰে বেদখল মুক্ত কৰিবলৈ সক্ষম হৈছে।

বিজেপি নেতৃত্বৰ মিত্ৰজোঁটৰ চৰকাৰখনে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ বাবে কাজিৰঙাত গঁড় হত্যা সাম্প্ৰতিক সময়ত প্ৰায়েই নাইকিয়া হৈছে বুলিও ভাষনত কয়।দায়িত্ব হাতত লৈয়েই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে প্ৰশাসন ব্যৱস্থাটো দুৰ্নীতিমুক্ত কৰিবলৈ লোৱা সংকল্পৰ বাবে ৰাকেশ পালকে ধৰি অনেক বিয়াগোম আমোলা বিষয়া কাৰাগাৰত বন্দী হৈ থাকিব লগা হোৱাৰ লগতে সমাজৰ বহু অপৰাধী, দুৰ্নীতিগ্ৰস্ত ব্যক্তিও শান্তিৰ সন্মুখীন হৈছে বুলি মন্তব্য কৰে। ভাষনত বন মন্ত্ৰী গৰাকীয়ে পুনৰ কয় প্ৰদূষণমুক্ত আৰু সেউজী অসম গঢ়াৰ লক্ষ্যৰে বন বিভাগে কেম্পা আচঁনিৰ অধীনত অসমৰ ২৪ খন জিলাত এখনকৈ সাহিত্য মনীষী উপবন নিৰ্মাণৰ আঁচনি ৰূপায়ণ কৰা হৈছে বুলি কৈ থলুৱাৰ লগতে বিলুপ্তপ্ৰায় ঘাঁহ, লতাজাতীয়, জোপোহা আৰু ওখগছৰ পুলি ৰোপণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি বক্তব্য দাঙি ধৰি এই সাহিত্য মনীষী উপবনখনে গৱেষক আৰু বিজ্ঞানৰ ছাত্ৰ ছাত্ৰী সকল উপকৃত হোৱাৰ উপৰি প্ৰকৃতিপ্ৰমী ৰাইজৰ বাবেও গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে।

 

 

You might also like