নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম জাতীয় পৰিষদে হতাশহে কৰিব অসমৰ ৰাইজক: প্রণৱ কুমাৰ বর্মন

নিয়মীয়া বাৰ্তা ১৫ ছেপ্টেম্বৰঃ  ‘অসম জাতীয় পৰিষদ সোমবাৰে জন্ম হ’ল৷ কিন্তু এই দলে অসমীয়া ৰাইজক হতাশাহে কৰিব৷ ‘কা’বিৰোধী আন্দোলন কৰিছিল ছাত্র সমাজ আৰু নাগৰিক সমাজে৷ কোনো সংগঠনে নহয়৷ তেনেস্থলত ছাত্র সমাজ, নাগৰিক সমাজ বা ‘কা’ আন্দোলনত হোৱা শ্বহীদ পৰিয়ালসমূহৰ সৈতে আলোচনা নকৰি তেওঁলোকক আওকাণ কৰি নতুন আঞ্চলিক দল গঠন কৰাটো হাস্যকৰ৷’– এই মন্তব্য অসমৰ প্রগতিশীল কবি, সাহিত্যিক প্রণৱ কুমাৰ বর্মনৰ৷

সোমবাৰে নলবাৰীত সংবাদ মাধ্যমক কবি বর্মনে কয় যে দলটোৰ নীতি, সিদ্ধান্ত, উদ্দেশ্য স্পষ্ট কৰক অসমৰ ৰাইজৰ আগত৷ কেইজনমান ব্যক্তি নেতা হ’ব বা নিজৰ মুনাফা, স্বার্থৰক্ষাৰ বাবে নতুন দল নহয়৷ কাৰোবাক নেতা বনাবলৈ ‘কা’ আন্দোলনত অসমীয়া ডেকাকেইজন শ্বহীদ হৈছিল নেকি? তদুপৰি ‘কা’ এখন ৰাষ্ট্রীয় আইন৷ এই আইনক বিধানসভাত কেনেদৰে উত্থাপন কৰি বাতিল কৰাৰ ব্যৱস্থা কৰিব তাকো ব্যক্ত কৰক নেতৃত্বই৷ অন্যথা আগন্তুক বিধানসভা নির্বাচনত নতুন আঞ্চলিক দল অসম জাতীয় পৰিষদ বুমেৰাং হ’ব৷ হতাশাৰ উপৰি হতাশ হ’ব অসমৰ ৰাইজ৷ তেওঁ লগতে কয় যে এতিয়াও সময় আছে৷ দলটোৰ নেতৃত্বই অসমৰ প্রগতিশীল বুদ্ধিজীৱী, শিক্ষাবিদ, সাহিত্যিক, ব্যক্তি, নাগৰিক সমাজ আৰু গঞা ৰাইজৰ লগত আলোচনা কৰি আগবাঢ়ি যাবলৈও পৰামর্শ দিয়ে৷

You might also like