নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাধীনতাৰ ৭৩ বছৰৰ পাছত ৰহাৰ কলংপাৰবাসীৰ মুখত হাঁহি !

এদিনতে তিনিখন সংযোগী দলংৰ আধাৰশিলা বিধায়ক ডিম্বেশ্বৰ দাসৰ।

নিয়মীয়া বাৰ্তা ২৬ ছেপ্টেম্বৰঃ স্বাধীনতাৰ ৭৩ বছৰ পাৰ হ’ল, বহু জনপ্ৰতিনিধি আহিল আৰু গুচি গ’ল। জনতাৰ সেৱা কৰিবলৈ পণ লোৱা সেই সকল বিধায়কক স্থানীয় ৰাইজে প্ৰদান কৰিছিল ইখনৰ পাছত সিখনকৈ আবেদনপত্ৰ “আমাক এখন দলং লাগে”। কিন্তু ব্যস্ত বিধায়কে সেই আবেদন গ্ৰহণ কৰা দেখা নগ’ল। ইয়াৰ বিপৰীতে শেহতীয়াকৈ জনতাৰ দৃষ্টিত নিজৰ নাম খুদিত কৰি কলংপৰীয়া ৰাইজৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হ’ল বৰ্তমানৰ ৰহাৰ স্থানীয় বিধায়ক ডিম্বেশ্বৰ দাসে। এনে বহুদিনীয়া এক অভাৱ দূৰ কৰি শুক্ৰবাৰে বিধায়ক ডিম্বেশ্বৰ দাসে ৰহাৰ দীঘলদৰি আৰু ফুলগুৰি পঞ্চায়তৰ অন্তৰ্গত তিনিটাকৈ গুৰুত্বপূৰ্ণ ঠাইত তিনিখনকৈ দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। উল্লেখ্য যে, নগাঁও টাউনৰ পূৰ্বৰ পৰা ৰহাৰ মাজেদি বৈ যোৱা কলং নদীখনে ৰহা সমষ্টিৰ ঘাঁহী, দক্ষিণ জাগীয়াল, ফুলগুৰি, দীঘলদৰি, দীঘলীআটি, চহৰী আদি কেইবাখনো পঞ্চায়তৰ মাজেদি মেৰুদণ্ড হিচাপে বৈ গৈছে। ফলত ঘাঁহী, ফুলগুৰি, দক্ষিণ জাগীয়াল আৰু দীঘলদৰি পঞ্চায়তৰ নদীখনৰ দক্ষিণ দিশত থকা খেতি-পথাৰলৈ অহা-যোৱাৰ বাবে বছৰ বছৰ ধৰি এক দূৰ্ভোগ ভুগি আহিছিল স্থানীয় ৰাইজে। নিজৰ খেতি পথাৰত শস্য চপাবলৈ দৈনিক বিপদ সংকুল ভাৱে ভৰা কলং নাৱে পাৰহোৱাটো সাধাৰণ হৈ পৰিছিল যদিও বহু সময়ত বিপদৰ সন্মুখীন হৈছিল স্থানীয় ৰাইজ। এনে এক জটিল সমস্যা সমাধানৰ অৰ্থে দীঘলদৰি পঞ্চায়তৰ দূৰ্গাজান তিনিআলিত এখন পকী দলংৰ আধাৰশিলা স্থাপন কৰে।  অসম চৰকাৰৰ ২০১৯-২০ বৰ্ষৰ এচ,অ’,পি,ডি(জি) আঁচনিৰ অধীনত নিৰ্মাণ হ’ব লগা মেটেকা-পশ্চিম দীঘলদৰি সংযোগী দলংখনৰ মুঠ দৈৰ্ঘ ৫০ মিটাৰ আৰু আবন্টিত ধনৰ পৰিমাণ  চাৰিকোটি বিৰাশী লাখ টকা। ইয়াৰ লগতে একেটা পঞ্চায়তৰে মধ্য দীঘলদৰি ৰাসমন্দিৰৰ সমীপত অসম চৰকাৰৰ একেটা আঁচনিৰ অধীনতে এখন ফুট ব্ৰীজৰ আধাৰশিলা স্থাপন কৰে। অন্যহাতে ফুলগুৰি পঞ্চায়তৰ অন্তৰ্গত দেওবালি কাকতি গাঁৱত অসম চৰকাৰৰ ২০১৯-২০ বৰ্ষৰ এচ,অ’,পি,ডি-জি আঁচনিৰ অধীনত বাবুলা মেধি ঘাট-পহুপুৰি সংযোগী অন্য এখন ফুট ব্ৰীজ তথা কাঠৰ  দলংৰ কাম শুভাৰম্ভ কৰে। ইয়াৰ লগতে হাৰিয়া নদীৰ ওপৰটো একেদৰে আন এখন ফুট ব্ৰীজ নিৰ্মাণ হ’ব আৰু উক্ত তিনিওখন ফুট ব্ৰীজৰ বাবে মুঠ খৰছ হ’ব এক কোটি এসত্তৰ লাখ টকা। উল্লেখ্য যে, উক্ত দলং কেইখন  লাভ কৰি উৎফুল্লিত হৈ পৰিছে স্থানীয় ৰাইজ। বিগত বছৰ বছৰ ধৰি সাধাৰণ জীৱন যাপন কৰিবলৈ দুৰ্গম আৰু বিপদ সংকূল ভাৱে কলং নদীৰ বুকুয়েদি অহা-যোৱা কৰা সাধাৰণ কৃষকৰ পৰা সকলো শ্ৰেণীৰ লোক নিশ্চিত ভাৱে সুফল লাভ কৰিব বুলি মন্তব্য কৰি বিধায়ক গৰাকীৰ এনে প্ৰচেষ্টাই স্বাধীনতাৰ পাছত প্ৰথম বাৰলৈ কলংপৰীয়া লোকৰ মুখত এক উজ্জ্বল হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰিছে কলংপৰীয়া ৰাইজে। তদুপৰি বিধায়ক দাসে সমষ্টিটোত বৰ্তমান সোতৰখনকৈ দলং নিৰ্মাণ কৰিছে বুলি মন্তব্য কৰে। উক্ত অনুষ্ঠাত ৰহা পৌৰসভাৰ প্ৰাক্তন পৌৰপতি ধ্ৰুৱ কুমাৰ দাস,জিলা গড়কাপ্তানী বিভাগৰ কাৰ্যবাহী অভিযন্তা গোবিন সিংৰ লগতে ৰহা ব্লক আঞ্চলিক পৰিষদৰ সভাপতি যতীন শইকীয়া, জিলা পৰিষদৰ সদস্যা কবিতা বৰা,ফুলগুৰি আৰু দীঘলদৰি পঞ্চায়তৰ সভাপতি, কাউন্সিলাৰৰ  লগতে বহু দলীয় বিষয়-ববীয়া উপস্থিত থাকে।

You might also like