নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্ৰীৰাম মন্দিৰৰ ভূমি পূজনৰ বিশেষ ক্ষণত নিজ সমষ্টিৰ কৰসেৱকক অংগবস্ত্ৰ, ৰামনামী কাপোৰ আৰু ৰামায়ণেৰে সন্মান প্ৰদান মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

নিয়মীয়া বাৰ্তা, ৫ আগষ্ট: আজি ৫ আগষ্টত ঐতিহাসিকভাৱে ৰাম মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি দেশবাসীৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই ৰাম মন্দিৰৰ শিলান্যাস কৰে। যাক লৈ আমি সকলোৱে একতাৰ ডোলেৰে বান্ধ খাই গৌৰৱেৰে কৈছো, ‘হয় আমি হিন্দু।’ আজিৰ এই মুহূৰ্তটোত উপনীত হ’বলৈ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ যি কৰ্মস্থলী, জন্মস্থলী বা জীৱনৰ আটাইতকৈ ভালপোৱাস্থলী কাছাৰ জিলাৰ ধলাই সমষ্টিৰ পৰা বহুকেইজন কৰসেৱক 1992 চনৰ সেইখিনি সময়ত প্ৰভু শ্ৰীৰামৰ বাবে আত্মবলিদান দিবলৈ কৰসেৱাৰ উদ্দেশ্য অযোধ্যালৈ গৈছিল।

আজিৰ এই পৱিত্ৰ মুহূৰ্তত যি মুহূৰ্তত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ সপোন সাৰ্থক কৰিলে সেই সময়ত সেইসকল কৰসেৱকক অসম চৰকাৰৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আজি নিজেই একোখনকৈ অংগবস্ত্ৰ, একোখনকৈ ৰামনামী কাপোৰ আৰু একোখনকৈ ৰামায়ণ, মহাভাৰত আৰু গীতাৰ দৰে পৱিত্ৰ ধৰ্মগ্ৰন্থৰে সন্মান জনাইছো। ইয়াৰ লগতে ধ্লাই সমষ্টিৰ যিসকল কৰসেৱকে আজিৰ এই আনন্দৰ মুহূৰ্ত উপভোগ কৰিবলৈ সংসাৰত নাই সেইসকলকো মন্ত্ৰী পৰিমল শুক্লবৈদ্যই শ্ৰদ্ধাৰে সুঁৱৰি তেওঁলোকৰ পৰিয়ালবৰ্গৰ কাষলৈ গৈ মিঠাই খুৱাই পৰম প্ৰতীক্ষিত সুমধুৰ ক্ষণৰ আনন্দৰ ভাগবটোৱাৰা কৰিছে। শেষত মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আজি ভাৰতী মাৰ যি সপোন পূৰণ হ’ল সেই সপোন পূৰণ হোৱাৰ শুভক্ষণত সকলোকে একত্ৰিত হৈ এই গৌৰৱৰ মুহূৰ্ত অনুভৱ কৰি নিজকে ভগৱান শ্ৰীৰামচন্দ্ৰৰ সুপুত্ৰ হিচাপে ধৰি লৈ জয় শ্ৰীৰাম বুলি ক’বলৈ আহ্বান জনাই।

You might also like