নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহা মোলানকাটা আদৰ্শ গাঁৱত কলং নৈৰ বুকুত জাহ গ’ল পথ; কুম্ভকৰ্ণ নিদ্ৰাত স্থানীয় বিধায়ক, জলসম্পদ বিভাগ

নিয়মীয়া বাৰ্তা, ৯ আগষ্ট: ৰহাত কলং নদীৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি কালি খহাই নিলে এটি যাতায়তী পথ। ৰহা ৰাজহ চক্ৰৰ এলেকাধীন তথা মৰিগাওঁ বিধান সভা সমষ্টিৰ অন্তৰ্গত এই আদৰ্শ গাৱঁত যাতায়াতী পথটো কলঙৰ গৰাখহনীয়াৰ বুকুত জাহ যোৱাৰ পাছত গাঁওখনলৈ নামি আহিছে এক আতংকময় পৰিবেশ।

উল্লেখ্য যে, বিগত ১৯৭২ চনতে স্থাপন কৰা আদৰ্শ গাঁওখনত প্ৰায় শতাধিক ভুমিহীন লোকক চৰকাৰী ভাৱে ভূমি দান কথিছিল যদিত শেহতীয়াকৈ গাঁওখনৰ কাষেৰে বৈ যোৱা কলং নদীৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰি গাঁওখনলৈ মাতি আনিছে ভয়ংকৰ বিপদ। প্ৰতিবছৰে কলং নদীৰ এনে গৰাখহনীয়াই গাঁওখনৰ প্ৰায় অৰ্ধশতাধিক বিঘা গৃহভূমি কলঙৰ বুকুত সাৱতি লৈছে। এই বিষয়ে স্থানীয় মৰিগাঁও সমষ্টিৰ তদানীন্তন আৰু বৰ্তমানৰ বিধায়কক বহুবাৰ খহনীয়া প্ৰতিৰোধৰ বাবে আহ্বান জনাই আহিছে যদিও কোনো গুৰুত্ব প্ৰদান নকৰা ফলত কালি গাঁওখনলৈ সংযোগী একমাত্ৰ পথচোৱা কলঙৰ বুকুত জাহ যোৱাত মুৰে কপালে হাত দিছে গাঁওবাসীয়ে।

বৰ্তমান সময়ত প্ৰায় দুশঘৰ লোকে বসবাস কৰা গাঁওখনৰ স্থানীয় ৰাইজে খহনীয়া ৰোধৰ ব্যৱস্থা কৰিবলৈ মৰিগাওঁ জলসম্পদ বিভাগকো বাৰম্বাৰ আবেদন নিবেদন কৰিছিল। কিন্তু অনুকম্পাহীন জলসম্পদ বিভাগৰ অলপো গা নলৰিল। শেষত পথ পৰ্যন্ত খহাই নিলে কলঙে। সেয়ে উপায়ন্ত হৈ জলসম্পদ বিভাগ, স্থানীয় বিধায়ক কিম্বা চৰকাৰৰ মুখলৈ বাট নাচাই পুৰুষ-মহিলা তথা অঞ্চলটোৰ ৰাইজ ওলাই আহিল খহনীয়া ৰোধ কৰাৰ লগতে খহনীয়াত জাহ যোৱা পথ মেৰামতি কৰিবলৈ। কালি এনেদৰে অঞ্চলৰ শতাধিক পুৰুষ-মহিলাই হাতে হাতে দা, কোৰ, পাচি বাঁহ লৈ নামিল খহনীয়া ৰোধ আৰু পথ মেৰামতিৰ কামত। কলঙত বাঁহ, জেং পেলাই খহনীয়া ৰোধৰ চেষ্টা চলালে আৰু পথটো পিচুৱাই নিৰ্মাণ কৰি যাতায়াত কিছু সুবিধা কৰি ল’লে। আনকি উঠাই দিবলগীয়া হ’ল বিদ্যুৎ বিভাগৰ ট্ৰেন্সফৰ্মাৰ। লগতে মৰিগাওঁ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু জলসম্পদ বিভাগৰ নিৰ্লিপ্ততাক ক্ষোভ উজাৰিলে অঞ্চলবাসীয়ে। উল্লেখ্য যে চলিত বছৰত শেহতীয়াকৈ অন্যান্য ঠাইৰ দৰে পাঁচবাৰকৈ বানপানীয়ে গাঁওখন বেয়াকৈ ক্ষতিগ্ৰস্ত কৰি বানৰ পিচত ৰহাৰ মোলানকটা আদৰ্শ গাৱঁত কলঙৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে যদিও জলসম্পদ বিভাগে খহনীয়া ৰোধৰ সামান্যতমো ব্যৱস্থা নোলোৱাৰ অভিযোগ উঠিছে। ফলত নিতৌ চপৰা চপৰে খহি যাতায়াতৰ পথ পৰ্যন্ত কলঙে খহায় নিলে। কেৱল সেয়াই নহয় এফালৰ পৰা ঘৰ-বাৰী আদিও খহি গৈ আছে কলঙৰ বুকুত। এনেদৰে খহি থাকিলে অচিৰেই অধিক মানুহৰ ঘৰ কলঙৰ বুকুত জাহ যোৱাৰ আশংকা আছে। কিন্তু ইমানৰ পাছতো চৰকাৰ তথা জলসম্পদ বিভাগে কি ব্যৱস্হা গ্ৰহণ কৰে সময়তহে দেখা যাব।

You might also like