নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিৰ পাৱাৰ গ্ৰীড চাৰ্ভিছ ষ্টেচনত ভয়ংকৰ অগ্নিকাণ্ড

নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ বিশ্বকৰ্মা পূজাৰ পুৱাই নগাঁও জিলাৰ চামগুৰি পাৱাৰ গ্ৰীড চাৰ্ভিছ ষ্টেচনত সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত সমগ্ৰ নগাঁও জিলাৰ লগতে মধ্য অসমৰ বিদ্যুৎ সেৱা ব্যাহত হৈ পৰে। এই অগ্নিকাণ্ডৰ ফলত পৰিষদৰ বৃহৎ ক্ষতিসাধন হোৱাৰ লগতে নগাঁও জিলাৰ চামগুৰি, আমনি,কলিয়াবৰ, জখলাবন্ধা, বুঢ়াপাহাৰ, পুৰণিগুদাম, উৰিয়াগাঁও, কঠিয়াতলি ৰূপহীহাট, জুৰীয়া, ধিং, বটদ্ৰৱা, বেবেজীয়াৰ লগতে হোজাই জিলাৰ শংকৰদেৱ নগৰ, মৰিগাঁও জিলাৰ একাংশ অঞ্চলত বিদ্যুৎ সংযোগ দিবলৈ সক্ষম হোৱা নাই ৷

জানিব পৰা মতে, চামগুৰিস্থিত পাৱাৰ গ্ৰীড চাব-ষ্টেচনত বৃহস্পতি বাৰে পুৱা ৫.৫৫ বজাত এটা ২৫ মেগা ভ’ল্ট এম্পিয়াৰ ট্ৰাঞ্চফৰ্মাৰ যান্ত্ৰিক বিজুতি ঘটি সম্পূৰ্ণৰূপে ভস্মীভূত হৈ পৰে। ২৫ মেগা ভল্টৰ ট্ৰাঞ্চফৰ্মাৰটোৰ লগতে কাষতে থকা আন এটা ২৫ মেগা ভল্টৰ ট্ৰাঞ্চফৰ্মাৰো আংশিক ভাবে অগ্নিকাণ্ডৰ কবলত পৰে। ভয়াবহ অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত ট্ৰাঞ্চফৰ্মাৰটোৰ লগতে সংযোগী আণ্ডাৰগ্ৰাউণ্ড ক’ণ্ট্ৰল কেবোল সমূহো জ্বলি যায় ৷

পৰৱৰ্তী সময়ত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দুখন গাড়ী ততাতৈয়াকৈ উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় যদিও পাৱাৰ গ্ৰীড চাৰ্ভিছ ষ্টেচনটোৰ বৃহৎ ক্ষতি সাধন হয় । অগ্নিনিৰ্বাপক গাড়ী সময়ত উপস্থিত নোহোৱা হ’লে চাব ষ্টেচনটোৰ লগতে সমগ্ৰ চামগুৰি অঞ্চলেই ভয়াবহ দুৰ্ঘটনাৰ সন্মুখীন হ’বলগীয়াত পৰিলে হয় বুলি বিদ্যুৎ বিভাগৰ বিষয়াই জানিব দিয়ে। আনহাতে ঘটনা সংঘটিত হোৱাৰ পাছত ঘটনাস্থলীত বিদ্যুৎ বিভাগৰ গুৱাহাটী আৰু তেজপুৰৰ উচ্চ- পদস্থ বিষয়া উপস্থিত হৈ উক্ত অগ্নিকাণ্ডৰ সন্দৰ্ভত পৰ্যবেক্ষণ কৰে ৷

অগ্নিস্তুপত পৰিণত হোৱা ২৫ মেগা ভ’ল্ট এম্পিয়াৰৰ ট্ৰাঞ্চফৰ্মাৰটো মেৰামতি কৰি পুনৰ সমগ্ৰ জিলা খনত বিদ্যুৎ পৰিবাহীত কৰিবৰ বাবে  দিন ৰাতি একাকাৰ কৰি কামত নিয়োজিত হৈ আছে অভিযন্তা-কৰ্মচাৰী সহ প্ৰায় অৰ্ধ শতাধিক লোক। অগ্নিকাণ্ডটিৰ ফলত ট্ৰাঞ্চফৰ্মাৰটোৰ লগতে সংযোগী আণ্ডাৰগ্ৰাউণ্ড কণ্ট্ৰল কেবোল সমূহ জ্বলি যোৱাত মেৰামতিৰ বাবে অধিক সময় লাগিব বুলি বিদ্যুৎ বিভাগৰ সুত্ৰই জানিবলৈ দিয়ে।

তথাপিও আগন্তুক দুই-চাৰি দিনৰ ভিতৰত পূৰ্বৰ দৰে নগাঁও জিলাত বিদ্যুৎ যোগান দিব পৰা যাব যদিও সঘনাই ল’ড চেডিং হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে সংশ্লিষ্ট বিভাগৰ উচ্চ পদস্থ বিষয়া সকলে। তেজপুৰ বিদ্যুৎ চাৰ্কোলৰ জিএম জগত কাকতি আৰু ডিজিএম ভূপেন কুমাৰ গোস্বামী কালিৰে পৰা চাব ষ্টেচনটোত উপস্থিত থাকি ক্ষীপ্ৰতাৰে মেৰামতিৰ কামত জড়িত আছে। অগ্নিকাণ্ডটোত প্ৰায় ২কোটি ৪০ লাখ টকাৰ ২৫ মেগা ভল্টৰ ট্ৰাঞ্চফৰ্মাৰটো ভস্মীভূত হোৱাৰ লগতে কেবোল সহ প্ৰায় ৫ কোটি টকাৰ অন্যান্য সামগ্ৰী ভস্মীভূত হয় বুলি তেজপুৰ চাৰ্কোলৰ ডিজিএম ভূপেন কুমাৰ গোস্বামীয়ে সাংবাদিকক জানিব দিয়ে। যাৰ বাবে ৰাইজক ধৈৰ্য্য সহকাৰে ট্ৰাঞ্চফৰ্মাৰটো মেৰামতিত নিয়োজিত বিদ্যুৎ বিভাগৰ কৰ্মৰত কৰ্মচাৰী সকলক পূৰ্ণ সহযোগিতা প্ৰদান কৰিবলৈ আহ্বান জনাইছে সংশ্লিষ্ট বিভাগৰ বিষয়া সকলে।

You might also like