নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম চাহ মজদুৰ সংঘৰ মাৰ্ঘেৰিটাত অৱস্থান ধৰ্মঘট, মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰঃ  চাহ শ্ৰমিকৰ দৈনিক হাজিৰা ৩৫১ টকাৰ দাবীৰে অসম চাহ মজদুৰ সংঘৰ উদ্যোগত ধাৰাবাহিকভাৱে অব্যাহত আছে তীব্ৰ আন্দোলন। আজি এই আন্দোলনৰ অংশ স্বৰূপে আজি উত্তৰ মাৰ্ঘেৰিটা ৰঙ্গমঞ্চত এক ঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি মাৰ্ঘেৰিটা মহকুমাধিপতিৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ এক ১১ দফীয়া দাবীসম্বলিত স্মাৰক-পত্ৰ প্ৰেৰণ কৰে।

অসম চাহ মজদুৰ সংঘৰ মাৰ্ঘেৰিটা শাখাৰ সভাপতি গৌতম ধানোৱাৰ আৰু সম্পাদক হৰিনন্দ গড়ে জানিবলৈ দিয়া মতে, চৰকাৰে চাহ শ্ৰমিকৰ দৈনিক মজুৰিৰ বৃদ্ধিৰ বিষয়টোৰ ওপৰত হস্তক্ষেপ কৰি এক চৰকাৰী নিৰ্দেশনা মতে ২০১৬ চনৰ ১৯ ছেপ্টেম্বৰ তাৰিখে ৰাজ্যৰ শ্ৰমমন্ত্ৰীগৰাকীক অধ্যক্ষ হিচাপে লৈ এক ত্ৰি-দলীয় নিম্নতম মজুৰি নিৰ্ধাৰণ উপদেষ্টা কমিটী গঠন কৰা হৈছিল।

কিন্তু উক্ত কমিটীখনে কেইবালানিও আলোচনা অনুষ্ঠিত কৰি আহিছে যদিও শ্ৰমিকৰ দৈনিক মজুৰি নিৰ্ধাৰণত চূড়ান্তভাৱে ব্যৰ্থ হৈছে। শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি, উচিত হাৰত বোনাচ আদায় দিয়াকে ধৰি অন্যান্য বহু বিষয়ৰ ওপৰত আলোচনা কৰি ১১ দফীয়া দাবীসম্বলিত এক স্মাৰক-পত্ৰ অসমৰ মুখ্যমন্ত্ৰী লৈ প্ৰেৰণ কৰা হৈছিল।

শ্ৰমিকৰ মজুৰী বৃদ্ধিৰ লগতে চাহ মজদুৰ সংঘৰ ১১ দফীয়া দাবীৰ বিষয়টোক লৈ বাগিচাৰ শ্ৰমিক ৰাইজৰ মাজত তীব্ৰ ক্ষোভ-অসন্তুষ্টিৰ সৃষ্টি হৈছে আৰু যিকোনো সময়ত বাগিচাসমূহত আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হোৱা আশংকা প্ৰকট হৈ পৰিছে বুলিও স্মাৰক-পত্ৰযোগে জনাইছে।

You might also like