নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ মেচাকি চাপৰিত ছাত্ৰ সন্ধানহীন, এছডিআৰএফৰ অভিযান

নিয়মীয়া বাৰ্তা, ২২ ছেপ্তেম্বৰঃ ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ মেচাকি চাপৰিৰ এগৰাকী ছাত্ৰ নৈৰ সোঁতত সন্ধানহীন হৈছে। ছাত্ৰজনৰ সলিল সমাধি ঘটাৰ সন্দেহ ঘনীভূত হোৱাত  চাপৰি অঞ্চলটোত শোঁকৰ ছা পৰিছে।

ঘটনাৰ বিৱৰণী মতে, চেঙাজান আৰক্ষী থানাৰ অন্তৰ্গত মেচাকি চাপৰিৰ মুকলি পথাৰ গাঁৱৰ পূৰ্ণ নাৰ্জাৰীৰ পুত্ৰ তথা নৱম শ্ৰেণীৰ ছাত্ৰ লক্ষীৰাম নাৰ্জাৰীয়ে কালি বিয়লি ৩-৩০ মান বজাত লগৰীয়াৰ সৈতে ব্ৰহ্মপুত্ৰত গা ধুবলৈ যায়। সাঁতুৰি থকা অৱস্থাতে ব্ৰহ্মপুত্ৰৰ সোঁতে ছাত্ৰগৰাকীক উটুৱাই নিয়ে।

ঘটনাৰ খবৰ লাভ কৰি আজি এছডিআৰএফৰ ডুবাৰু বাহিনীৰ জোৱানে ঘটনাস্থলীত উপস্থিত হৈ পুৱা ১০-৩০ বজাৰ পৰা বিয়লিলৈকে অভিযান চলাই যদিও ছাত্ৰগৰাকীৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই।

You might also like